তামিলনাডুত সংঘটিত হৈছে এটা শোকাৱহ ঘটনা। কেৰালা-তামিলনাডু সীমান্তৰ সমীপত অৱস্থিত ভালপাৰাইৰ শোলায়াৰ এষ্টেটৰ গাতে লাগি থকা এটা নদীত সলিল সমাধি ঘটিছে পাঁচজন ছাত্ৰৰ।
শুকুৰবাৰে বিয়লি প্ৰায় ৪:৩০ বজাত এই ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। সাতজনীয়া ছাত্ৰৰ এটা দলে গা ধুবলৈ নদীত গৈছিল আৰু তাৰ পিছতে পাঁচজন ছাত্ৰ নদীৰ বুকুত সন্ধানহীন হৈ পৰে।
এই শোকাৱহ ঘটনাটোত প্ৰাণ হেৰুওৱা ছাত্ৰ কেইজন হৈছে বিনীথ কুমাৰ, ধনুশ, অজয়, শৰথ আৰু নবীল। নিহত আটাইকেইজন ছাত্ৰ কইম্বাটুৰৰ কিনাথুকাডাভুৰ বাসিন্দা।
ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰে।
এই মুহূৰ্তত অধিক তথ্য উপলব্ধ হোৱা নাই যদিও আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি আছে।