স্বভূমিত উপস্থিত হৈয়ে ভাৰত সন্দৰ্ভত ডাঙৰ মন্তব্য নৱাজ শ্বৰীফৰ
চাৰি বছৰৰ মূৰত স্বভূমিলৈ উভতি অহা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে দেশখনক কঠিন অৰ্থনৈতিক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰি পুনৰ উন্নয়নৰ পথত আগবঢ়াই নিয়াৰ পোষকতা কৰে।
ভাৰতৰ নাম নোলোৱাকৈয়ে তেওঁ কয় যে চুবুৰীয়া দেশৰ লগত যুঁজি আমি আগবাঢ়িব নোৱাৰো। আমি এক ফলপ্ৰসূ বৈদেশিক নীতি গ্ৰহণ কৰিব লাগিব, আমাৰ ওচৰ-চুবুৰীয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব কাৰণ ইয়াৰ অবিহনে দেশ আগবাঢ়িব নোৱাৰে।
শ্বৰীফে কয় যে যদি পূব পাকিস্তান (বৰ্তমানৰ বাংলাদেশ) পৃথক নহ’লহেঁতেন তেন্তে আজি পূব আৰু পশ্চিম পাকিস্তানৰ মাজত অৰ্থনৈতিক কৰিড’ৰ হ’লহেঁতেন।
উল্লেখ্য যে, পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা শ্বৰীফে ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত নীতিগত বক্তব্য আগবঢ়োৱা বুলি বিশ্লেষকসকলে মন্তব্য কৰিছে।
পাকিস্তানৰ তিনিবাৰৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ জনসাধাৰণৰ অসুবিধা দূৰ কৰাৰ বাবে এক পৰিকল্পনাৰ প্ৰয়োজন। আমি এক নতুন যাত্ৰা আৰম্ভ কৰিব লাগিব। কাশ্মীৰ বিষয়ত আমি কেনেকৈ শক্তিশালী বৈদেশিক নীতি বনাব পাৰো, আৰু বিশ্বৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিব লাগিব।
উল্লেখ্য যে, চাৰি বছৰৰ দীঘলীয়া স্বনিৰ্বাসন কটাই শনিবাৰে পাকিস্তানলৈ উভতি আহিছে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ।