ISHAN NEWS – Always One Step Ahead of Time…

প্ৰতিমা বিসৰ্জনৰ সময়ত জেনেৰেটৰ বিস্ফোৰণ, যুৱকসহ সাতটা শিশু আহত

0 562

মহাৰাষ্ট্ৰৰ ছতাৰা জিলাৰ মহাবলেশ্বৰৰ কলি আলী অঞ্চলত মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ বাবে উলিওৱা শোভাযাত্ৰাৰ সময়ত সংঘটিত জেনেৰেটৰ বিস্ফোৰণত এজন ২২ বছৰীয়া যুৱক আৰু সাতটা শিশু আহত হোৱাৰ খবৰ আহিছে।
তথ্য অনুসৰি মহাবলেশ্বৰৰ কলি আলীত প্ৰতিমা বিসৰ্জন শোভাযাত্ৰাৰ সময়ত জেনেৰেটৰৰ পেট্ৰ’ল পাইপ লিক হোৱাৰ লগতে জেনেৰেটৰত জুই লাগে। ইয়াৰ পিছতে এটা ডাঙৰ বিস্ফোৰণ সংঘটিত হয় আৰু দুৰ্গা দেৱীৰ মূৰ্তিৰ কাষত বহি থকা ৭টা সৰু ল’ৰা-ছোৱালী গুৰুতৰভাৱে আহত হয়। একে সময়তে ২২ বছৰীয়া যুৱক এজনো আহত হয়।

আহত আটাইকেইটা শিশুৰ বয়স চাৰিৰ পৰা আঠ বছৰৰ ভিতৰত। আহত আটাইকেইজনক চিকিৎসাৰ বাবে ছতাৰাৰ বেদান্ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে উপায়ুক্ত জিতেন্দ্ৰ ডুডী আৰু জিলা আৰক্ষী অধীক্ষক সমীৰ শ্বেখ চিকিৎসালয়ত উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয়।

ইফালে বিস্ফোৰণত আহত তিনিজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। তেওঁলোকক উন্নত চিকিৎসাৰ বাবে পুনেৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.