ISHAN NEWS – Always One Step Ahead of Time…

বিদ্যুৎ কৰ্তনত অতিষ্ঠ কৃষক, বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত এৰিলে ঘৰিয়াল

0 166

গণতান্ত্ৰিক দেশ ভাৰতৰ জনসাধাৰণে নিজৰ প্ৰাপ্য অধিকাৰ পাবলৈ সাব্যস্ত কৰি আহিছে প্ৰতিবাদ। নিতৌ দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰণত সাব্যস্ত হৈ আহিছে প্ৰতিবাদ।

মূল্যবৃদ্ধি, অপশাসন, পৃথক ৰাজ্য, পৃথক জিলা বা আন বিভিন্ন দাবী বা কাৰণত বিভিন্ন ধৰণ বা কৌশলেৰে সাব্যস্ত কৰে প্ৰতিবাদ।

চৰকাৰ বা সংশ্লিষ্ট পক্ষক দৃষ্টিগোচৰ কৰিবলৈ প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগান, প্লেকাৰ্ড, ৰাজহুৱা মুণ্ডন বা কেতিয়াবা অৰ্ধনগ্ন হৈ কৰে প্ৰতিবাদ।

কিন্তু সততে নেদেখা প্ৰতিবাদ হৈছে এইবাৰ কৰ্ণাটকত। কৰ্ণাটকৰ বিজয়পুৰাত অনিয়মিত বিদ্যুৎ কৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কৃষকসকলে চৰকাৰী হুবলী বিদ্যুৎ যোগান কোম্পানীৰ কাৰ্যালয়ত এৰি দিয়ে এটা ঘৰিয়াল।

বিদ্যুৎ কৰ্তনৰ বাবে কৃষকসকলে কৃষি কৰ্মত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। দিনত বিদ্যুৎ যোগানৰ অপৰ্যাপ্ততাৰ বাবে কৃষকসকলে নিশা পথাৰলৈ যাবলগীয়া হোৱাত বণ্যপ্ৰাণী তথা সাপৰ পৰা বিপদত পৰে।

ঘটনাৰ বিৱৰণ অনুসৰি, বিগত সপ্তাহত এজন কৃষকে তেওঁৰ খেতিপথাৰত এটা ঘৰিয়াল দেখিছিল। নিশা বিদ্যুৎ যোগান পুনৰ ঘূৰাই পোৱাত কৃষকজনে খেতিপথাৰত পানী দিবলৈ গৈছিল।

কৃষকজনে লগে লগে তেওঁৰ সতীৰ্থ কৃষকসকলক খবৰ দিয়ে আৰু ঘৰিয়ালটো বান্ধি থয়।

খেতিপথাৰৰ সমীপতে থকা কৃষ্ণা নদীৰ পৰা এই ঘৰিয়ালটোৱে খাদ্যৰ সন্ধানত আহিছিল বুলি সন্দেহ কৰে গাঁওবাসীয়ে।

অনিয়মিত বিদ্যুত কৰ্তনত অসন্তুষ্ট হৈ পৰা কৃষকসকলে পিছত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ১৯ অক্টোবৰত হুবলী বিদ্যুৎ যোগান কোম্পানীৰ কাৰ্যালয়ত ঘৰিয়ালটো এৰি দিয়ে।

কাৰ্যালয়ৰ ভিতৰত ঘৰিয়ালটো ঘূৰি ফুৰা দেখি প্ৰতিষ্ঠানটোৰ বিষয়া-কৰ্মচাৰী ভয়ত ত্ৰস্তমান হৈ পৰে আৰু তেওঁলোকে লগে লগে আৰক্ষী আৰু বন বিভাগক খবৰ দিয়ে।

এই অদ্ভুত প্ৰতিবাদ দেখি প্ৰতিষ্ঠানটোৰ বিষয়াই এতিয়াৰ পৰা আৰু দিনত বিদ্যুত কৰ্তন কৰা নহয় বুলি কৃষকসকলক আশ্বাস প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.