ISHAN NEWS – Always One Step Ahead of Time…

NCERTৰ কিতাপত সলনি ‘India’ ৰ নাম । সমিতিৰ পৰামৰ্শ ‘ হিন্দু ৰজাৰ বিজয়ৰ কথা পঢ়ুৱাওক পৰাজয় নহয়’ ।

0 215

NCERT-য়ে বিদ্যালয়ৰ পাঠ্যক্ৰম সংশোধন কৰিবলৈ গঠন কৰা সমিতিয়ে দিয়া সিদ্ধান্ত মৰ্মে প্ৰাথমিকৰ পৰা উচ্চ বিদ্যালয়লৈ পাঠ্যপুথিত দেশৰ নাম ইণ্ডিয়াৰ সলনি হ’ব ভাৰত। বিদ্যালয়ৰ কিতাপবোৰত “হিন্দু ৰজাসকলৰ পৰাজয়”ৰ কম বিৱৰণ থাকিব লাগিব বুলিও পৰামৰ্শ আগবঢ়াইছে সমিতি খনে ।

সমিতিখনৰ অধ্যক্ষ তথা ইতিহাসবিদ ,প্ৰাক্তন অধ্যাপক , চি.আই. আইজাকে নিউজ পৰ্টেল দ্যপ্ৰিণ্টক কয় যে , NCERT য়ে গঠন কৰা সমিতিয়ে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ভাৰত নামটো শিকোৱা উচিত বুলি পৰামৰ্শ দিছে । আইজাকে এই সন্দৰ্ভত আগবঢ়োৱা যুক্তি হৈছে বিষ্ণু পুৰাণত ভাৰত নামটো উল্লেখ আছে । কালিদাসে ভাৰত নামটো ব্যৱহাৰ কৰিছিল। এইটো এটা পুৰণি নাম। দ্বাদশ শ্ৰেণীলৈকে পাঠ্যপুথিত কেৱল ভাৰত নামটো ব্যৱহাৰ কৰিব লাগে বুলি পৰামৰ্শ দিছিল অধ্যক্ষ গৰাকীয়ে ।আৰু বাকী সদস্যসকলে এই সিদ্ধান্ত সৰ্বসন্মতভাৱে গ্ৰহণ কৰিছে।

পৰামৰ্শৰ তালিকাৰ আন এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে , বৰ্তমানৰ কিতাপবোৰত, যুদ্ধত হিন্দু ৰজাসকলৰ পৰাজয়ৰ বিষয়টো গুৰুত্ব সহকাৰে লিখা হৈছে। এইক্ষেত্রত আইজাকৰ পৰামৰ্শ

“হিন্দু ৰজাৰ পৰাজয়ৰ বিপৰীতে, হিন্দু ৰজাৰ বিজয়ৰ কথা পৰ্যাপ্ত ভাৱে উল্লেখ কৰা হোৱা নাই। আমাৰ পাঠ্যপুথিবোৰে কিয় শিকাই নিদিয়ে যে মহম্মদ ঘোৰীক ভাৰতৰ জনজাতীয় লোকসকলে হত্যা কৰিছিল? ইয়াৰ উপৰিও সমিতি খনে আগবঢ়োৱা আন এক পৰামৰ্শ হৈছে , ভাৰতীয় ইতিহাসৰ সময়বোৰ – প্ৰাচীন, মধ্যযুগীয় আৰু আধুনিক – বিলুপ্ত কৰিব লাগে। প্ৰাচীনৰ ঠাইত ধ্ৰুপদী হ’ব লাগে।

Leave A Reply

Your email address will not be published.