ISHAN NEWS – Always One Step Ahead of Time…

ভাৰতৰ সপোনৰ প্ৰকল্প বন্ধ কৰিবলৈ হামাছে ইজৰাইলত কৰিছে আক্ৰমণ : জ’ বাইডেনৰ দাবী

0 143

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে এক বৃহৎ তথা ডাঙৰ দাবী উত্থাপন কৰিছে।

জ’ বাইডেনৰ মতে ইজৰাইলৰ ওপৰত হামাছে চলোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ এটা কাৰণ হ’ব পাৰে শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত অভিলাষী ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ ঘোষণা।

আচলতে এই অভিলাষী প্ৰকল্পটোৱে সমগ্ৰ অঞ্চলটোক ৰে’লৱে নেটৱৰ্কৰ সৈতে সংযোগ কৰিব।

উল্লেখ্য যে, ৭ অক্টোবৰত সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইলৰ ওফৰত অতৰ্কিতে চলোৱা আক্ৰমমত ১৪০০ৰো অধিক ইজৰাইলী লোক নিহত হৈছিল।

এই আক্ৰমণৰ পিছত ইজৰাইলেও হামাছৰ বিৰুদ্ধে শক্তিশালীৰূপত আক্ৰমণ আৰম্ভ কৰে। এতিয়াও দুয়ো পক্ষৰ মাজত চলি আছে যুদ্ধ।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ সৈতে যৌথ সংবাদমেলত বাইডেনে কয় যে তেওঁ নিজাববীয়াকৈ এই মূল্যায়ন কৰিছে আৰু তেওঁৰ হাতত ইয়াৰ কোনো প্ৰমাণ নাই। কিন্তু মোৰ বিবেকে মোক এই কথা কৈছে।

তেওঁ লগতে এইটোও কয় যে আমি এই প্ৰকল্পটো কোনো কাৰণে স্থগিত বা এৰি দিব নোৱাৰো।

উল্লেখ্য যে, এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে জ’ বাইডেনে ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰক হামাছৰ আক্ৰমণৰ সম্ভাব্য কাৰণ হিচাপে উল্লেখ কৰিছে। বহুতে এই অৰ্থনৈতিক কৰিডৰক চীনৰ বি আৰ আই প্ৰকল্পৰ বিকল্প হিচাপেও ভাবে।

ইয়াৰ জৰিয়তে আমেৰিকা, ভাৰত, চৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, ফ্ৰান্স, জাৰ্মানী, ইটালী আৰু ইউৰোপীয় দেশসমূহক যৌথভাৱে সংযোগ কৰা হ’ব।

ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত ভাৰতে এই ঘোষণা কৰিছিল। এই কৰিডৰ দুটা ভাগত হ’ব। এটা অংশ হ’ব ইষ্টাৰ্ণ কৰিডৰ যিয়ে ভাৰতক উপসাগৰীয় অঞ্চলৰ সৈতে সংযোগ কৰিব, আনহাতে আনটো অংশ হ’ব উত্তৰ কৰিডৰ যিয়ে উপসাগৰীয় অঞ্চলটোক ইউৰোপৰ সৈতে সংযোগ কৰিব।

Leave A Reply

Your email address will not be published.