ISHAN NEWS – Always One Step Ahead of Time…

কাটাৰৰ হঠকাৰী সিদ্ধান্ত; ভাৰতীয় নৌসেনাৰ ৮গৰাকী প্ৰাক্তন বিষয়াক মৃত্যুদণ্ডৰ শাস্তি

0 272

আৰবীয় দেশ কাটাৰৰ এক সিদ্ধান্তই স্তম্ভিত কৰি তুলিছে ভাৰতক। দৰাচলতে ৮গৰাকী ভাৰতীয়ক বৃহস্পতিবাৰে মৃত্যুদণ্ডৰ দৰে চৰম শাস্তি প্ৰদান কৰা হৈছে।

এই ক্ষেত্ৰত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি মৃত্যুদণ্ডৰ সিদ্ধান্তত ভাৰত স্তম্ভিত হৈ পৰিছে বুলি উল্লেখ কৰে।

উল্লেখ্য যে, ৮ মাহ পূৰ্বে কাটাৰত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ভাৰতীয় নৌসেনাৰ ৮জন প্ৰাক্তন বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল। অৰ্থাত যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত বিষয়া কেইজনক গ্ৰেপ্তাৰ হৈছিল।   

এই আটাইকেইজন বিষয়াই ভাৰতীয় নৌসেনাৰ বিভিন্ন পদত কাম কৰি আহিছে। তেওঁলোকৰ বিৰুদ্ধে ইজৰাইলৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ আছে।

এই ৮ জন লোকৰ ভিতৰত আছিল শীৰ্ষ পৰ্যায়ৰ বহু বিষয়া। নৌসেনাৰ এই আঠগৰাকী প্ৰাক্তন বিষয়াৰ নাম হ’ল কেপ্তেইন নৱতেজ সিং গিল, কেপ্তেইন বীৰেন্দ্ৰ কুমাৰ ভাৰ্মা, কেপ্তেইন সৌৰভ বশিষ্ঠ, কমাণ্ডাৰ অমিত নাগপাল, কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰী, কমাণ্ডাৰ সুগুনাকৰ পাকলা, কমাণ্ডাৰ সঞ্জীৱ গুপ্ত আৰু নাৱিক ৰাগেশ।

প্ৰাপ্ত তথ্য অনুসৰি, এই আটাই কেইজন বিষয়াৰ জামিন আবেদন কেইবাবাৰো নাকচ কৰি জিম্মাৰ ম্যাদ বৃদ্ধি কৰি আহিছিল।

ইয়াৰ পিছত বৃহস্পতিবাৰে কাটাৰৰ এখন আদালতে এই ৮ ভাৰতীয়ক ফাঁচীৰ শাস্তি প্ৰদান কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, ‘আমি পৰিয়ালৰ সদস্য আৰু আইনী দলৰ সৈতে যোগাযোগত আছো আৰু সকলো আইনী বিকল্পৰ সন্ধান কৰি আছো। আমি এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰি বিষয়টোৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো। সিদ্ধান্তটো সন্দৰ্ভত কাটাৰৰ সৈতেও আলোচনা কৰিম।‘

ইয়াৰ উপৰি বিষয়টো অত্যন্ত গুৰুতৰ হোৱা বাবে আৰু অধিক তথ্য প্ৰকাশৰ পৰা বিৰত আছে বিদেশ মন্ত্ৰালয়।

Leave A Reply

Your email address will not be published.