ISHAN NEWS – Always One Step Ahead of Time…

গণতন্ত্ৰ ৰক্ষাৰ বাবে সৰ্বোচ্চ ত্যাগৰ বাবে সাজু : বিৰোধীৰ বৈঠকৰ অন্তত ভূপেন বৰাৰ মন্তব্য

0 97

২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ উদ্দেশ্যে কংগ্ৰেছৰ নেতৃত্বত একত্ৰিত হোৱা ১৫টা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ মাজত বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল লিলিত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়।

বৈঠকৰ পিছত সংবাদমেল আয়োজন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, ‘বিজেপিক পৰাস্ত কৰাটোৱেই আমাৰ মূল উদ্দেশ্য। মিত্ৰদলসমূহৰ মাজত ঐকমত্য সৃষ্টিৰ বাবেই আজি আমি একত্ৰিত হৈছো। দল সমূহৰ মাজত এক উমৈহতীয়া নূন্যতম কাৰ্যসূচী (কমন মিনিমাম এজেণ্ডা) সৃষ্টি কৰাই হৈছে আমাৰ মূল এজেণ্ডা।‘

‘গণতন্ত্ৰ ৰক্ষাৰ বাবে আমি সকলোৱে ত্যাগ কৰিবলৈ সাজু থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। আমি প্ৰতিটো সমষ্টিৰ পৰা ইণ্ডিয়া মিত্ৰজোঁটৰ হৈ এজনেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। এয়া প্ৰতিটো দলৰ সন্মতি সাপেক্ষে কৰা হ’ব‘, তেওঁ লগতে এইদৰে কয়।

যদিহে পৰৱৰ্তী চৰকাৰ বিৰোধী মিত্ৰজোঁটৰ হয় তেন্তে পুৰণি পেঞ্চন নীতি প্ৰযোজ্য কৰাৰ বাবেই হেচা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা বুলিও সংবাদমেলতে মন্তব্য কৰে বৰাই।

‘আমি মূল্যবৃদ্ধি সম্পৰ্কতো আলোচনা কৰিলো আৰু এখন ঐক্য সমিতি গঠন কৰা হৈছে যিয়ে জনসাধাৰণৰ ওচৰলৈ কেনেকৈ যাব সেইটো সিদ্ধান্ত ল’ব। টিএমচিৰ মুৰব্বী ৰিপুণ বৰাক উমৈহতীয়া নূন্যতম কাৰ্যসূচীৰ খচৰা প্ৰস্তুতৰ দায়িত্ব প্ৰদান কৰা হৈছে যিটো মিত্ৰজোঁটৰ আগন্তুক ডিব্ৰুগড় সভাত দাখিল কৰিব’, তেওঁ লগতে এই কথাও জনায়।

উল্লেখ্য যে, কিছুদিন পূৰ্বে কংগ্ৰেছ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল যে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে ১৪টা সমষ্টিতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

বৰাৰ এই মন্তব্যৰ পিছত বিৰোধী শিবিৰত থকা আন আন দল সমূহৰ মাজত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ পাইছিল আৰু সেয়ে এই সকলো বিষয় স্পষ্ট হ’বলৈয়ে কালি এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হৈ যায়। 

হোটেল লিলিত অনুষ্ঠিত হৈ যোৱা এই বৈঠকখনত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, আম আদমি পাৰ্টি, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, শিৱ সেনা, জনতা দল (ইউ), চিপিআইএমৰ লগতে আন দলৰ প্ৰতিনিধি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.