ISHAN NEWS – Always One Step Ahead of Time…

ইজৰাইল-হামাছৰ যুদ্ধ অন্ত পৰিব নেকি ? হামাছে কি চৰ্ত আগবঢ়াইছে বন্দী মুক্তিৰ বাবে ? ৰাষ্ট্ৰসংঘৰ আলোচনাত কি ক’লে ইৰাণে।

0 238

হামাছৰ হাতত বন্দী হৈ থকা ব্যক্তি সকলক চৰ্ত পূৰণ হ’লে মুকলি কৰি দিব বুলি উল্লেখ কৰিছে সন্ত্রাসবাদী সংগঠন হামাছে ।
ইছলামীক উগ্ৰপন্থী সংগঠন হামাছে ইজৰাইল আৰু আন বহু দেশৰ লোকক বন্দী কৰি ৰাখিছে। সেই সকল বন্দীক মুকলি কৰিবলৈ সাজু হৈছে হামাছ । কিন্তু ইয়াৰ বাবে হামাছে ইৰাণৰ জৰিয়তে বিশ্বৰ সন্মুখত এটা চৰ্ত আৰোপ কৰিছে । ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়ানে বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘত অনুষ্ঠিত এখন বৈঠকত হামাচে আগবঢ়োৱা চৰ্তৰ বিষয়ে উল্লেখ কৰে।


আন্তৰ্জাতিক সংবাদ সংস্থাত প্রকাশিত বাতৰি মতে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ১৯৩ গৰাকী সদস্যই বৃহস্পতিবাৰে মধ্যপ্ৰাচ্য সন্দৰ্ভত এখন বৈঠক অংশগ্ৰহণ কৰে । এই বৈঠকত ইৰাণৰ বৈদেশিক মন্ত্রী , আমীৰ আব্দুল্লাই কয় যে, গাজা ষ্ট্ৰিপত পেলেষ্টাইনৰ বিৰুদ্ধে ইজৰাইলৰ আক্রমণ বন্ধ নহ’লে মাৰ্কিন যুক্তৰাষ্ট্ৰও জুইৰ পৰা ৰক্ষা নাপাব ।

হামাছে ইৰাণক কয় যে , তেওঁলোকে সকলো বন্দীক মুক্তি দিবলৈ সাজু। হামাছে এই প্রসংগত ইৰাণক
কয় যে, সমগ্ৰ বিশ্বই ইজৰাইলৰ কাৰাগাৰত বন্দী হৈ থকা ৬,০০০ পেলেষ্টাইনীক মুক্তিৰ বাবে জোৰ দিয়া উচিত।

ইফালে , ইজৰাইলী সেনাই গাজাৰ আভ্যন্তৰত আক্ৰমণৰ বাবে সাজু হৈছে। ২৭ অক্টোবৰত অৰ্থাৎ আজি ইজৰাইলৰ সুৰক্ষা বাহিনীয়ে গাজাৰ ভিতৰত অভিযান চলাই। ইজৰাইলৰ সেনাই ছ’চিয়েল মিডিয়াত এই হন্দৰ্ভত সদৰী কৰে
“যোৱা ২৪ ঘণ্টাত হামাছৰ কেইবাটাও সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে। এই আক্ৰমণ স্থল সেনা , যুঁজাৰু বিমান আৰু মানৱবিহীন বিমানৰ দ্বাৰা সংঘটিত হৈছে।’

Leave A Reply

Your email address will not be published.