ISHAN NEWS – Always One Step Ahead of Time…

শান্ত হোৱা মণিপুৰ! ফুটবল খেলি থাকোতেই উগ্ৰপন্থীৰ গুলীত মৃত্যু আৰক্ষী বিষয়াৰ

0 292

ক্ৰমান্বয়ে শান্ত হ’বলৈ ধৰা মণিপুৰত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মঙলবাৰে পুৱা প্ৰীতি ফুটবল মেচ খেলি থকাৰ সময়তে এজন আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰা হয়।

মৰেহৰ মহকুমা আৰক্ষী বিষয়া চিংথাম আনন্দক কুকি উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।

মৰেহ আৰক্ষীৰ দলে প্ৰীতি ফুটবল মেচ খেলি থকাৰ সময়তে মঙলবাৰে পুৱা প্ৰায় ৯.৩০ বজাত সংঘটিত হয় এই ঘটনা।

টেংনৌপাল জিলাস্থিত ৭ নং মৰেহ ৱাৰ্ডৰ ইষ্টাৰ্ণ শ্বাইন স্কুল খেলপথাৰৰ সংঘটিত হয় এই ঘটনা।

খেলপথাৰত উপস্থিত থকা আৰক্ষীৰ দলটোক লক্ষ্য কৰি কুকি উগ্ৰপন্থীয়ে আনন্দক পেটত গুলীচালনা কৰে যাৰ ফলত তেওঁৰ অকাল মৃত্যু হয়।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে মণিপুৰ আৰক্ষীয়ে আক্ৰমণকাৰীক কৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.