ISHAN NEWS – Always One Step Ahead of Time…

ভাৰতত জন্মগ্ৰহণ কৰা লেখিকা নন্দিনী দাসলৈ ২০২৩ বৰ্ষৰ ব্ৰিটিছ একাডেমীৰ বুক বঁটা ।

0 247

ভাৰতত জন্মগ্ৰহণ কৰা লণ্ডনস্থিত লেখিকা নন্দিনী দাসলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ সন্মানীয় ব্ৰিটিছ একাডেমীৰ ‘বুক বঁটা’ । ‘Courting India : England, Mughal India and the Origins of Empire’ নামৰ গ্ৰন্থখনৰ বাবে ব্ৰিটিছ একাডেমীয়ে সন্মানীয় বুক বঁটা আগবঢ়াইছে লেখিকা নন্দিনী দাসলৈ । এই বঁটাত আছে ২৫ হাজাৰ পাউণ্ড নগদ ধন । মঙলবাৰে সন্ধিয়া লণ্ডনৰ ব্ৰিটিছ একাডেমীৰ এটি অনুষ্ঠানত ২০২৩ বৰ্ষৰ বুক বঁটা বিজয়ী লেখিকা গৰাকীৰ নাম ঘোষণা কৰা হয় । নন্দিনী দাসৰ গ্ৰন্থখনত , মোগল আদালতত ইংলেণ্ডৰ প্ৰথম কূটনৈতিক প্ৰচাৰৰ জৰিয়তে লেখিকাই ব্ৰিটেইন আৰু ভাৰতৰ প্ৰকৃত কাহিনী” বৰ্ণনা কৰিছে ।

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ ৪৯ বছৰীয়া অধ্যাপিকা নন্দিনী দাসে সপ্তদশ শতিকাত ভাৰতলৈ অহা ইংলেণ্ডৰ প্ৰথম ৰাষ্ট্ৰদূত ছাৰ থমাছ ৰোৰ আগমনৰ কাহিনীৰ জৰিয়তে সাম্ৰাজ্যৰ উৎপত্তি সম্পৰ্কে এক নতুন দৃষ্টিভংগী দাঙি ধৰিছে ।
ভাৰত আৰু ব্ৰিটেইনৰ ৰাজনৈতিক ব্যক্তি, বিষয়া আৰু ব্যৱসায়ীসকলৰ সমসাময়িক উৎস ব্যৱহাৰ কৰি, গ্ৰন্থখনৰ কাহিনীটোক এক অনন্য মাত্রা প্ৰদান কৰিছে লেখিকাই । যি কাহিনীয়ে সেই সময়ছোৱাত সংঘটিত প্ৰাৰম্ভিক ভুল বুজাবুজিক জীৱন্ত কৰি তুলিছে । এই মন্তব্য আগবঢ়াইছে জুৰীৰ মুৰব্বী তথা অধ্যাপক চাৰ্লছ ট্ৰিপ্পে ।
উল্লেখ্য যে, ২০১৩ চনৰ পৰা ব্ৰিটিছ একাডেমীয়ে বুক বঁটা আগবঢ়াই আহিছে আৰু পূৰ্বতে বুক বঁটা নায়েফ আল-ৰোডেন বঁটা হিচাপে পৰিচিত আছিল।

Leave A Reply

Your email address will not be published.