ISHAN NEWS – Always One Step Ahead of Time…

মৰ্মান্তিক দুৰ্ঘটনা! তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু পিতৃ-পুত্ৰৰ । ISHAN NEWS…

0 1,545

আজি পুৱাৰ ভাগত এখন অটোৰিক্সা আৰু এখন ট্ৰাকৰ সংঘৰ্ষত থিতাতে মৃত্যু হয় পিতৃ আৰু পুত্ৰৰ। মঙলবাৰে পুৱা শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ কৃষ্ণপুৰত সংঘটিত হয় এই কৰুণ ঘটনা।

নিহত লোক দুজন আছাম ৰাইফলছৰ অৱসৰপ্ৰাপ্ত জোৱান কুঞ্জোমনি সিং আৰু তেওঁৰ পুত্ৰ প্ৰবীণ সিং বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক আছিল সোণাই সমষ্টিৰ নাগদিৰগ্ৰামৰ বাসিন্দা।

প্ৰত্যক্ষদৰ্শীৰ মতে, পিতৃ-পুত্ৰই নিজৰ অটোৰিক্সাৰে আত্মীয়ক নমাই ঘৰলৈ উভতি আহি আছিল। এই সময়তে এখন তীব্ৰবেগী ট্ৰাকখনে অটোৰিক্সাখনক পিছফালৰ পৰা খুন্দা মাৰে।

ফলত পিতৃ আৰু পুত্ৰৰ থিতাতে মৃত্যু হয়। পিছত তেওঁলোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে এছ এম চি এইচলৈ প্ৰেৰণ কৰা হয়।

এল পি জি চিলিণ্ডাৰ কঢ়িয়াই অনা ট্ৰাকখনৰ পৰা বিপুল পৰিমাণৰ সুৰাৰ বটল উদ্ধাৰ হোৱাক লৈয়ো চাঞ্চল্যৰ সৃষ্টি হৈছে।

নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ থকা মিজোৰাম অভিমুখী ট্ৰাকখন অবৈধ মদৰ যোগানত ব্যৱহাৰ কৰা হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে।

Leave A Reply

Your email address will not be published.