ৰাঘৱ চাড্ডাই ৰাজ্যসভাৰ অধ্যক্ষৰ ওচৰত ক্ষমা খোজক… বিষয়টোৰ অন্ত পেলাওক : উচ্চতম ন্যায়ালয়। ISHAN NEWS…
আম আদমি পাৰ্টি চমুকৈ আপৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ নিলম্বন গোচৰটোত হস্তক্ষেপ কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে ৰাঘৱ চাড্ডাক ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ক সাক্ষাৎ কৰি নিঃচৰ্ত ক্ষমা খুজিবলৈ কয়।
আদালতে কয় যে অধ্যক্ষই সহানুভূতিৰে বিবেচনা কৰি বিষয়টো আগবঢ়াই নিব। ২০ নৱেম্বৰত হ’ব এই গোচৰৰ পৰৱৰ্তী শুনানি।
উচ্চতম ন্যায়ালয়ে দীপাৱলীৰ বন্ধৰ পিছত আপ সাংসদগৰাকীৰ আবেদনৰ শুনানিৰ দিন ধাৰ্য কৰি এটৰ্নী জেনেৰেলক গোচৰটোৰ অধিক পৰিঘটনাৰ বিষয়ে অৱগত কৰিবলৈ কয়।
গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয়, ‘আমি মনত ৰখা উচিত যে ৰাঘৱ চাড্ডা এজন যুৱ আৰু প্ৰথমবাৰৰ বাবে সাংসদ হৈছে। তেওঁ নিঃচৰ্তভাৱে ক্ষমা বিচাৰিব। এনে পৰিস্থিতিত এই বিষয়টোৰ অন্ত পেলাব লাগে।‘
উচ্চতম ন্যায়ালয়ত ৰাঘৱ চাড্ডা গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয়, ‘আপুনি নিঃচৰ্ত ক্ষমা বিচৰাৰ কথা কৈছিল। আপুনি এপইণ্টমেণ্ট লৈ অধ্যক্ষক লগ কৰিলে ভাল হ’ব। তেওঁৰ সুবিধা অনুযায়ী আপুনি তেওঁৰ ঘৰত, কাৰ্যালয়ত বা সদনত ক্ষমা বিচাৰক, কাৰণ এইটো সদন আৰু উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষৰ মৰ্যাদাৰ বিষয়।‘