ISHAN NEWS – Always One Step Ahead of Time…

‘আমাক সুকীয়া ৰাজ্য লাগে…’, কুকি বিধায়কৰ বিদ্ৰোহত বীৰেণ সিং চিন্তিত

0 159

গোষ্ঠীগত সংঘৰ্ষৰ জুইত জ্বলি থকা মণিপুৰত বীৰেণ সিং নেতৃত্বাধীন চৰকাৰৰ সন্মুখত দেখা দিছে আন এক বৃহৎ প্ৰত্যাহ্বান। কুকি জনগোষ্ঠীৰ ১০ জন মন্ত্ৰী-বিধায়কে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি সুকীয়া ৰাজ্য গঠনৰ দাবী কৰিছে।

বিদ্ৰোহী বিধায়কসকলে বীৰেণ সিঙৰ নেতৃত্বক মুকলিকৈ সমালোচনা কৰি দলীয় ৰেখাৰ পৰা আঁতৰি আহি সুকীয়া ৰাজ্যৰ দাবী উত্থাপন কৰিছে।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে (২ নৱেম্বৰ) কাংপকপি জিলাৰ দুটা কুকি সংগঠনে শান্তি আলোচনাৰ বাবে আলোচক হিচাপে কেন্দ্ৰই প্ৰেৰণ কৰা এ কে মিশ্ৰ আৰু গৃহ মন্ত্ৰালয়ৰ বিষয়াক সাক্ষাৎ কৰিছিল।

এই সংগঠন দুটা হ’ল ইউনাইটেড পিপলছ ফ্ৰণ্ট (ইউ পি এফ) আৰু কুকি নেশ্যনেল অৰ্গেনাইজেশ্যন (কে এন অ’)। দুয়োটা সংগঠনে ৰাজ্যৰ কুকি প্ৰধান জিলাকেইখনত সুকীয়া প্ৰশাসনৰ দাবী উত্থাপন কৰিছে।

ইয়াৰ পিছত শুকুৰবাৰে (৩ নৱেম্বৰ) ১০জন কুকি বিধায়কৰ স্বাক্ষৰিত এক বিবৃতি প্ৰকাশ পাইছে। ইয়াৰে ৭ জন বিজেপিৰ, য’ত দুজন মন্ত্ৰী, দুজন কুকি পিপলছ এলায়েন্সৰ আৰু এজন নিৰ্দলীয় বিধায়ক।

ভাৰতীয় সংবিধানৰ অধীনত সুকীয়া ৰাজ্য দিবলৈ কেন্দ্ৰৰ পৰা স্পষ্টকৈ দাবী জনাইছে।

বিদ্ৰোহী বিধায়কসকলে বিবৃতিটোত কয়, ‘যিহেতু মণিপুৰ ৰাজ্যই আমাক (কুকি) সুৰক্ষা দিয়াত দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈছে, গতিকে আমি ভাৰতীয় সংবিধানৰ অধীনত ভাৰত সংঘৰ পৰা পৃথক ৰাজ্যৰ দাবী জনাইছো। আমি চুবুৰীয়া ৰাজ্য মণিপুৰৰ সৈতে শান্তিৰে থাকিব বিচাৰে।‘

বিদ্ৰোহী বিজেপি মন্ত্ৰীসকলৰ ভিতৰত আছে কাংপকপিৰ নেমচা কিপগেন আৰু টেংগনৌপাল সমষ্টিৰ লেটপাও হাওকিপ। বিজেপিৰ আন আন বিধায়কসকল হ’ল নগুৰসংলুৰ ছনাটে, এল এম খাউতে,  লেটজামাং হাওকিপ, পাওলিয়েনলাল হাওকিপ, আৰু ৱুংজাগিন ভাল্টে।

চিনলুনথাং আৰু কিমনেও হাওকিপ কুকি পিপলছ এলায়েন্সৰ বিধায়ক। আনহাতে হাওখোলেট কিপগেন এজন নিৰ্দলীয় বিধায়ক।

Leave A Reply

Your email address will not be published.