ISHAN NEWS – Always One Step Ahead of Time…

ঔষধ কোম্পানীৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড; ৮জন শ্ৰমিকৰ মৃত্যু

0 148

মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ এটা ঔষধ কোম্পানীৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত শনিবাৰে সন্ধিয়ালৈকে ৮টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে নিৰুদ্দেশ হৈ থকা তিনিজন লোকৰ সন্ধান অব্যাহত আছে।

এন ডি আৰ এফৰ বিষয়াই জনোৱা মতে, শুকুৰবাৰে পুৱা ১১ বজাত মুম্বাইৰ পৰা প্ৰায় ১৭০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৰায়গড় জিলাৰ এম আই ডি চি মহাডৰ ফাৰ্মাচিউটিকেল কোম্পানী ব্লু জেট হেল্থকেয়াৰৰ কাৰখানাত অগ্নিকাণ্ড সংঘটিত হৈছিল।

বিষয়াগৰাকীয়ে কয়, ‘ৰাতিপুৱা ৭ বজালৈ চাৰিটা মৃতদেহ আৰু সন্ধিয়া ৫ বজালৈকে আৰু চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হয়। স্থানীয় সংস্থাৰ লগতে এন ডি আৰ এফৰ জোৱানে বাকী তিনিজন লোকৰ সন্ধান অব্যাহত ৰাখিছে।

বিষয়াগৰাকীয়ে কয় যে প্ৰাথমিক তদন্তত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে, যাৰ বাবে কোম্পানীটোত থকা ৰাসায়নিক পদাৰ্থৰ বেৰেল ফাটি যায়, আৰু জুইয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে।

Leave A Reply

Your email address will not be published.