ISHAN NEWS – Always One Step Ahead of Time…

সুনিপুন কূটনিতীবিদৰ পৰা ‘ৰকষ্টাৰ ফৰেইন মিনিষ্টাৰ’ৰ নাম পোৱা এছ জয়শংকৰৰ কাহিনী

0 2,212

বিশ্বত ভাৰত আজি এক গুৰুত্বপূৰ্ণ শক্তি। বিশ্বৰ বুকুত ভাৰতক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ এই যুঁজ বহু দীঘলীয়া। সম্প্ৰতি বিশ্বৰ যিকোনো সংকটৰ সময়তে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সকলোৰে দৃষ্টি নিৱদ্ধ থাকে ভাৰতৰ ওপৰত। সেয়া লাগিলে ৰাছিয়া-ইউক্ৰেইন যুদ্ধই হওক নাইবা ইজৰাইল-হামাছৰ যুদ্ধই হওক।

যুদ্ধ বন্ধ কৰি শান্তি প্ৰতিষ্ঠাৰ বাবে মধ্যস্থতাকাৰী হিচাপে সকলোৱে বিচাৰে ভাৰতক। বহু উচ্চ পৰ্যায়ৰ ডিপ্ল’মেচিৰ বাবেই এই ঈৰ্ষণীয় সফলতা সম্ভৱ হৈ উঠিছে।

মন কৰিবলগীয়া যে, বিশ্বত ভাৰতৰ এই উত্থান হঠাৎ অহা নহয় এয়া দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ সুফল। এই সাফল্যৰ কৃতিত্ব বহুতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিব বিচাৰে যদিও ইয়াৰ প্ৰকৃত নায়ক কিন্তু বৰ্তমানৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰহে।      

মোদীৰ ‘ব্লু আইড বয়’ জয়শংকৰৰ বাবেই ভাৰত আজি যুদ্ধপ্ৰৱণ বিশ্বত এক গুৰুত্বপূৰ্ণ শক্তি। সম্প্ৰতি ৰাজনৈতিক মহলত ‘ৰকষ্টাৰ কূটনিতীবিদ’ তথা ‘ৰকষ্টাৰ ফৰেইন মিনিষ্টাৰ’ বুলিও তেওঁ জনপ্ৰিয়।

জানো আহক তেওঁৰ শৈশৱ-শিক্ষা-কেৰিয়াৰৰ বিষয়ে সবিশেষ

১৯৫৫ চনত তামিল ব্ৰাহ্মণ পৰিয়ালত জন্ম হৈছিল সুব্ৰমনিয়ম স্বামীৰ। তেওঁৰ পিতৃ্ৰ নাম আছিল কে সুব্ৰমনিয়ম আৰু মাতৃৰ আছিল সুলোচনা সুব্ৰমনিয়ম।

কে সুব্ৰনিয়ম নিজেও আছিল এজন ষ্ট্ৰেটেজিক এফেয়াৰছ এনালাইষ্ট, সাংবাদিক আৰু প্ৰাক্তন ভাৰতীয় চৰকাৰী বিষয়া।

সৰুতেই অত্যন্ত মেধা হিচাপে পৰিচিতি লাভ কৰা এছ জয়শংকৰে চেইণ্ট ষ্টিফেনছ কলেজৰ পৰা ৰসায়ন বিজ্ঞান আৰু পিছত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত পিএইচ.ডি কৰিছিল।

শিক্ষা সাং কৰি তেওঁ ১৯৭৭ চনত ইণ্ডিয়ান ফৰেইন চাৰ্ভিছ (ভাৰতীয় বৈদেশিক সেৱা)ত যোগ দিছিল। ইন্দিৰা গান্ধীয়ে দেশজুৰি বলৱৎ কৰা জৰুৰীকালীন অৱস্থাৰ বাবে সেইসময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ গুৰুত্ব একেবাৰে নিম্নগামী হৈ পৰিছিল।

সেইসময়ত যুক্তিসংগতভাৱে কূটনীতিবিদসকলৰ বাবে কঠিন হৈ পৰিছিল তেতিয়াৰ “লিবাৰেল ডেম’ক্ৰেটিক ৱৰ্ল্ড অৰ্ডাৰ”ত ভাৰতৰ বিশ্বাসযোগ্যতা গঢ়ি তোলা।

এই সকলোবোৰ অনুধাৱন কৰি নিজৰ অভিজ্ঞতা আৰু দক্ষতাৰ পৰিচয় দি জয়শংকৰে এটা দশক পিছত মস্কোত ভাৰতৰ মিছনৰ তৃতীয় আৰু দ্বিতীয় সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পিছত ১৯৮৫ চনৰ পৰা ৱাশ্বিংটন ডিচিত প্ৰথম সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে।

১৯৮৮ চনত তেওঁ ভাৰতীয় শান্তি ৰক্ষা বাহিনী (আই পি কে এফ)ৰ প্ৰথম সচিব আৰু ৰাজনৈতিক উপদেষ্টা পদতো অধিষ্ঠিত হৈছিল।

১৯৯০ চনৰ পৰা ১৯৯৫ চনলৈকে দেখা দিয়া ভাৰতৰ ৰাজনৈতিক অস্থিৰতাৰ সময়তো তেওঁ বিশ্বৰ আন দেশক ভাৰতৰ পৰিস্থিতি সুস্থিৰ বুলি পতিয়ন নিয়াইছিল। আনহাতে ১৯৯১ চনৰ অৰ্থনৈতিক সংকটৰ সময়ত তেওঁ বুডাপেষ্টত থকা ভাৰতীয় মিছনত পৰামৰ্শদাতা (বাণিজ্যিক) আছিল।

৩৮ বছৰতকৈ অধিক কূটনৈতিক কেৰিয়াৰত তেওঁ ভাৰত আৰু বিদেশত ছিংগাপুৰৰ উচ্চায়ুক্ত (২০০৭-০৯) আৰু চেক গণৰাজ্য (২০০১-০৪), চীন (২০০৯-২০১৩) আৰু আমেৰিকা (২০১৪-২০১৫)ৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নত কৰিবলৈও তেওঁ বিশেষ ভূমিকা অৱলম্বন কৰিছিল। চীনত আটাইতকৈ দীঘলীয়া কাৰ্যভাৰ গ্ৰহণ কৰা ভাৰতীয় ৰাষ্ট্ৰদূত আছিল জয়শংকৰ।

সীমান্ত বিবাদ মিমাংসা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা জয়শংকৰে একেসময়তে ভাৰতে নিজৰ ভৌগোলিক সীমাৰ সৈতে আপোচ নকৰে বুলিও সকিয়াই দিছিল চীনক।  

আনহাতে ভাৰত-আমেৰিকাৰ অসামৰিক পাৰণৱিক চুক্তি ৰূপায়ণত অহোপুৰুষাৰ্থ কৰিছিল।

তেওঁৰ কূটনৈতিক বিচক্ষণতা তথা অসাধাৰণ অভিলেখৰ বাবেই তেওঁক অৱসৰৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈদেশিক সচিবৰ পদটো অৰ্পণ কৰে।

তেওঁ ২০১৫ চনৰ পৰা ২০১৮ চনলৈ ভাৰতৰ বিদেশ সচিব পদত অধিষ্ঠিত আছিল। দেশৰ বাবে আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১৯ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

এনেবোৰ বৃহত সাফল্যৰ পিছত ২০১৯ চনৰ ৩০ মে’ত তেওঁ মোদী চৰকাৰৰ দ্বিতীয় মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰে। ২০১৯ চনৰ ৩১ মে’ত তেওঁক ভাৰতৰ বিদেশ মন্ত্ৰীৰ কাৰ্যভাৰ অৰ্পণ কৰা হয়। ভাৰতৰ বিদেশ মন্ত্ৰী পদ লাভ কৰা জয়শংকৰ প্ৰথম গৰাকী বিদেশ সচিব।

সম্প্ৰতি তেওঁ গুজৰাট ৰাজ্যক প্ৰতিনিধিত্ব কৰি বিজেপিৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

ড০ জয়শংকৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ সময়ত ভাৰতৰ বৈদেশিক নীতি কেনেদৰে গঢ় লৈ উঠিছে সেয়া এতিয়া সৰ্বজিনবিদিত। দেশবাসীয়ে প্ৰধানমন্ত্ৰী মোদীক প্ৰায়ে প্ৰশংসা কৰা বিদেশ ভ্ৰমণৰ আঁৰত যে জয়শংকৰৰ পৰিকল্পনা সেয়া বৈদেশিক নীতিৰ ভূ ৰখা বিশেষজ্ঞসকল জ্ঞাত।

বৰ্তমান চীনক বাদ দি বিশ্বৰ প্ৰায়বোৰ দেশৰ সৈতে ভাৰতৰ আছে সু-সম্পৰ্ক। জয়শংকৰৰ বুদ্ধিমত্তাৰ বাবেই ভাৰত এতিয়া আমেৰিকাৰ সকলো কৌশলগত মিত্ৰ দেশক নিজৰ পক্ষত ৰাখিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, জয়শংকৰৰ অসাধাৰণ সফলতাৰ আঁৰত আছে ভাষা জ্ঞান। তেওঁ তামিল হিন্দী, ইংৰাজী, চীনা, হাংগেৰিয়ান, ৰাছিয়ানৰ লগতে খুব সাৱলীলভাৱে ক’ব পাৰে জাপানী ভাষা।

আজি জয়শংকৰ বিশ্বৰে এজন গুৰুত্বপূৰ্ণ কূটনীতিক। যি গুৰুত্বৰে তেওঁ ৰাছিয়া-ইউৰোপ-চীনৰ জটিলতাৰ মাজত ভাৰতক সহ-অৱস্থান কৰাইছে, পশ্চিমৰ বৰ্জনৰ আহ্বানৰ মাজতো ৰাছিয়াৰ পৰা সস্তাত তেল কিনিছে সেয়া বহু উচ্চ পৰ্যায়ৰ ডিপ্ল’মেচিৰ নিদৰ্শন।

চাকৰি জীৱনত পোৱা অলেখ সফলতা তথা বৈদেশিক মন্ত্ৰী হিচাপে বিশ্বত ভাৰতৰ গুৰুত্ব বঢ়োৱাত উল্লেখনীয় অৱদান আগবঢ়োৱা জয়শংকৰে প্ৰমাণ কৰি দেখুৱাইছে যে তেওঁক কিয় ‘ৰকষ্টাৰ কুটনিতীবিদ’ বা ‘ৰকষ্টাৰ ফৰেইন মিনিষ্টাৰ’ বুলি অভিহিত কৰা হয়।

বৈবাহিক জীৱন

জয়শংকৰৰ প্ৰথমা পত্নী আছিল শোভা। জেএনইউত পঢ়ি থকা সময়ত শোভা আৰু জয়শংকৰৰ চিনাকি হৈছিল। আৰু ইয়াৰ পিছতেই বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো। কিন্তু দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ প্ৰথমা পত্নীৰ মৃত্যু হয়। পিছত তেওঁ জাপানৰ এগৰাকী ছোৱালীৰ লগত দ্বিতীয় বিবাহত আৱদ্ধ হয়। তেওঁৰ দ্বিতীয় পত্নীৰ নাম হ’ল কিঅ’কো। দুই পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ জয়শংকৰ-কিঅ’কো।

Leave A Reply

Your email address will not be published.