ISHAN NEWS – Always One Step Ahead of Time…

জ’ ৰুটে ৰচিলে ইতিহাস; এই অভিলেখ গঢ়া ইংলেণ্ডৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ

0 2,027

কলকাতাৰ ইডেন গাৰ্ডেনত পাকিস্তান আৰু ইংলেণ্ডৰ মাজত শনিবাৰে অনুষ্ঠিত বিশ্বকাপৰ ৪৪ সংখ্যক মেচত জ’ ৰুটে বিশেষ কৃতিত্ব অৰ্জন কৰে।

আইচিচিৰ এদিনীয়া বিশ্বকাপত ইংলেণ্ডৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে জ’ ৰুট। তদুপৰি আই চি চি এদিনীয়া বিশ্বকাপত ১০০০ ৰানৰ সীমা অতিক্ৰম কৰা ইংলেণ্ডৰ প্ৰথমজন বেটছমেনৰূপেও পৰিগণিত হয় জ’ ৰুট।

পাকিস্তানৰ বিৰুদ্ধে খেলখনত জ’ ৰুটে ২৬ ৰান সম্পূৰ্ণ কৰাৰ লগে লগে ইংলেণ্ডৰ হৈ এদিনীয়া বিশ্বকাপত ১০০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়।

বিশ্বকাপত এহাজাৰ ৰান সম্পূৰ্ণ কৰা জ’ ৰুট ২৮ সংখ্যক বেটছমেন। কালিৰ মেচখনত জ’ ৰুটে ৬০ আৰু বেন ষ্ট’কছে ৮৪ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। ইংলেণ্ডে পাকিস্তানক ৩৩৭ ৰানৰ লক্ষ্য বান্ধি দিয়ে আৰু ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তান দলে ২৪৪ ৰানত অলআউট হয়।

মেচখনত ইংলেণ্ডে ৯৩ ৰানত জয়ী হৈ আই চি চি চেম্পিয়নছ ট্ৰফীলৈ যোগ্যতা অৰ্জন কৰে।

Leave A Reply

Your email address will not be published.