শনিবাৰে পুৱা জম্মু-কাশ্মীৰৰ জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ তথা ইতিহাসপ্ৰসিদ্ধ ডাল হ্ৰদত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাত কোটি-কোটি টকাৰ সম্পত্তি জ্বলি ছাই হৈ যায়।
ইয়াৰ উপৰি এখন হাউচবোট সম্পূৰ্ণৰূপে জ্বলি যোৱাত বাংলাদেশৰ পৰা অহা তিনিজন পৰ্যটকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
এই সন্দৰ্ভত আৰক্ষীয়ে কয় যে, শনিবাৰে পুৱা সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডটোৰ ফলত হ্ৰদটোৰ কেইবাখনো হাউচবোট জুইত জাহ যোৱাৰ কিছু ঘণ্টাৰ পিছতহে মৃতদেহকেইটা উদ্ধাৰ হয়।
জানিব পৰা মতে, হাউচবোটত সংঘটিত অগ্নিকাণ্ডত নিহত তিনিওজন বাংলাদেশী পৰ্যটক ছাফিনা হাউচবোটত আছিল। এই হাউচবোটখন অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ধ্বংস হয়।
আৰক্ষীয়ে জনোৱা মতে, ডাল হ্ৰদৰ ৯ নম্বৰ ঘাটৰ সমীপত এখন হাউচবোটত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু পিছত দ্ৰুতগতিত বিয়পি পৰা এই জুইয়ে আন হাউচবোটকো আগুৰি ধৰে।
উল্লেখ্য যে, হাউচবোটসমূহ কাঠেৰে তৈয়াৰ কৰা হয়। সেয়ে সাহায্য গৈ পোৱাৰ সময়লৈকে জুই যথেষ্ট পৰিমাণে বিয়পি পৰিছিল। এই ঘটনাক লৈ জিলা প্ৰশাসনে শোক প্ৰকাশ কৰি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।
আৰক্ষী বিষয়াই জনোৱা মতে, কমেও পাঁচখন হাউচবোট ধ্বংস হোৱাৰ লগতে আন কিছুমানৰ কম বেছি পৰিমানে ক্ষতিসাধন হৈছে। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।