ISHAN NEWS – Always One Step Ahead of Time…

বন্দুকধাৰী আক্ৰমণকাৰীৰ গুলীত ভাৰতীয় মূলৰ এজন ব্যক্তি আৰু তেওঁৰ ১১ বছৰীয়া পুত্ৰৰ মৃত্যু

0 197

কানাডাত ভাৰতীয় মূলৰ এজন শিখ ধৰ্মালম্বী লোক আৰু তেওঁৰ পুত্ৰক দিন দুপৰতে গুলীয়াই হত্যা কৰা হয়। শনিবাৰে এডমন্টন চহৰৰ এটা গেছ ষ্টেচনৰ সমীপত সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ মতে, লোকজনৰ নাম হৰপ্ৰীত সিং উপ্পল, যাৰ বয়স আছিল ৪১ বছৰ। আনহাতে তেওঁৰ পুত্ৰৰ বয়স আছিল ১১ বছৰ।

এই গুলীচালনাৰ ঘটনাৰ পিছতে অঞ্চলটোত যথেষ্ট আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।

আৰক্ষী বিষয়া কলিন ডাৰ্কচেনৰ মতে, গুলীচালনাৰ কাণ্ড সংঘটিত হোৱাৰ সময়ত গাড়ীখনত হৰপ্ৰীতৰ লগতে তেওঁৰ পুত্ৰ আৰু পুত্ৰৰ এজন বন্ধু গাড়ীখনত আছিল। অৱশ্যে এই আক্ৰমণত পুত্ৰৰ বন্ধুজনে কোনো ধৰণৰ আঘাত পোৱা নাই।

ঘটনাৰ পিছতে আৰক্ষীয়ে মৃত দুয়োজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণকাৰীয়ে জানিছিল যে হৰপ্ৰীত সিং উপ্পলৰ পুত্ৰও গাড়ীখনত আছিল, আৰু সেয়ে তেওঁলোকে ইচ্ছাকৃতভাৱে পুত্ৰৰ ওপৰত গুলীচালনা কৰে।

বৰ্তমান আৰক্ষীয়ে মৃত পুত্ৰৰ নাম প্ৰকাশ কৰা নাই। ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

তথ্য অনুসৰি, বৰ্তমান এই ঘটনাত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই, কোনো সন্দেহজনক ব্যক্তিকো চিনাক্ত কৰা হোৱা নাই।

কোৱা হৈছে যে উপ্পলৰ বিৰুদ্ধে কোকেইনৰ বেহা আৰু সৰবৰাহকে ধৰি বহু অভিযোগ আছিল।

Leave A Reply

Your email address will not be published.