ISHAN NEWS – Always One Step Ahead of Time…

১০০ ঘণ্টা পাৰ হৈ গ’ল, সুৰংগত আৱদ্ধ ৪০ শ্ৰমিকক লৈ উদ্বিগ্নতা বৃদ্ধি ।

0 979

১০০ ঘণ্টা অতিক্রম কৰাৰ পাছতো উত্তৰকাশীৰ ছিলকিয়াৰ সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলে । যিমানে সময় বাগৰিছে সিমানে উদ্বিগ্নতা বৃদ্ধি পাইছে শ্রমিক সকলৰ পৰিয়ালৰ মাজত । ইফালে উদ্ধাৰকাৰীসকলে সুৰংগত আৱদ্ধ শ্ৰমিক সকলক জীয়াই ৰখাৰ প্ৰচেষ্টাত কোনো ধৰণৰ ত্রুটি ৰখা নাই। প্রশাসনে সুৰংগটোৰ মাজেৰে অক্সিজেন, খাদ্য আৰু ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰি আছে শ্ৰমিক সকললৈ । শ্ৰমিক সকলৰ মনোবল অক্ষুণ্ণ ৰাখিবলৈ নিয়মীয়াকৈ যোগাযোগো অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে । এই সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিক সকলৰ মাজত অসমৰো দুজন শ্ৰমিক আছে ।


উল্লেখ্য যে, ২০১৮ চনৰ জুন মাহত থাইলেণ্ডৰ এটা গুহাৰ ভিতৰত পানীৰ মাজত আৱদ্ধ হৈ পৰিছিল ১২ জন যুৱ ফুটবলাৰ আৰু দলটোৰ প্ৰশিক্ষক । অতিকৈ প্ৰতিকূল পৰিস্থিতিৰ মাজতো থাই উদ্ধাৰকাৰী দলে দলটোক উদ্ধাৰ কৰি সমগ্ৰ বিশ্বৰে প্ৰশংসা লাভ কৰিছিল । এইবাৰ, উত্তৰাখণ্ডত সুৰংগৰ মাজত আৱদ্ধ শ্ৰমিক সকলক উদ্ধাৰৰ বাবে থাইলেণ্ডৰ উদ্ধাৰকাৰীদলৰ অভিজ্ঞতাৰ সহায় লৈছে।
বুধবাৰৰ ভিতৰত শ্ৰমিক সকলৰ উদ্ধাৰ অভিযান সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছিল। কিন্তু সেই স্থানত আন এটা অং‌শ নতুনকৈ খহি পৰাত উদ্ধাৰ অভিযান কেতিয়াকৈ শেষ হ’ব ইয়াক লৈ সন্দেহৰ সৃষ্টি হৈছে। উত্তৰকাশীৰ ছিলকিয়া সুৰংগত প্ৰায় ১৬০ জন উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান চলাই আছে ।
দেওবাৰে পুৱা উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ব্ৰহ্মকাল-যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত ছিলকিয়াৰা আৰু দণ্ডাহোলৰ মাজত নিৰ্মাণ কাৰ্য চলি থকা সুৰংগটোৰ এটা অংশ খহি পৰাৰ ফলত সুৰংগটোত ৪০ গৰাকীকৈ শ্ৰমিক আৱদ্ধ হৈ পৰিছিল।

Leave A Reply

Your email address will not be published.