ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ বিৰতি । কেনকৈ সম্পন্ন হ’ল এই চুক্তি ।
২২ নৱেম্বৰত ইজৰাইল চৰকাৰ আৰু হামাছৰ মাজত স্বাক্ষৰিত হয় যুদ্ধবিৰতি চুক্তি । ইজৰাইল আৰু হামাছৰ মাজত সংঘটিত হোৱা এই যুদ্ধই ৫০ দিন অতিক্রম কৰাৰ সময়তে এই চুক্তিৰ ফলত দুয়োপক্ষৰ মাজত চৰ্ত সাপেক্ষে হ’ব যুদ্ধ বিৰতি ।
যুদ্ধবিৰতিৰ ক্ষেত্ৰত ইজৰাইলে কঠোৰ স্থিতি গ্ৰহণ কৰি অহাৰ পাছত শেহতীয়াকৈ ৪ দিনীয়া যুদ্ধবিৰতিৰ বাবে সন্মত হৈছে ইজৰাইল ।
গাজাত বন্দী হৈ থকা ৫০ জন লোকক মুক্তি দিয়াৰ বিনিময়ত স্বাক্ষৰিত হৈছে এই চুক্তি । ৪ দিনৰ বাবে হ’বলগীয়া যুদ্ধবিৰতি সময়ছোৱাত ইজৰাইলেও ইজৰালৰ কাৰাগাৰত বন্দী হৈ থকা ১৫০ গৰাকী পেলেষ্টাইনিক মুক্তি দিব লাগিব। লগতে, গাজালৈ মানৱীয় সাহায্য লৈ অহা গাড়ীৰ প্ৰবেশৰ ক্ষেত্রত ৰেহাই দিব লাগিব।
চুক্তি অনুসৰি, অহা চাৰি দিনৰ ভিতৰত কমেও ৫০ গৰাকী বন্দীক মুকলি কৰি দিব লাগিব । এই বন্দী সকলৰ মাজত কেইবাটাও শিশুৰ লগতে কেইবাগৰাকী মহিলাও আছে ।
উল্লেখ্য যে, কাটাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই দুয়োপক্ষৰ মাজত হোৱা চুক্তিত মধ্যস্থতা কৰিছে । ৰয়টাৰৰ এক প্ৰতিবেদন মতে, হামাছে এই সকলোবোৰ কাম ৪ দিনৰ ভিতৰত সম্পন্ন কৰিব লাগিব। এই সময়ছোৱাত, দক্ষিণ গাজাত আৰু উত্তৰ গাজাত প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ কোনো ইজৰাইলীয়ে বিমানেৰে আক্ৰমণ কৰিব নোৱাৰিব । লগতে, গাজালৈ সাহায্য কঢ়িয়াই অনা শ শ ট্ৰাকৰ প্ৰবেশত অনুমোদন দিব লাগিব ।
৭ অক্টোবৰত ইজৰাইলআক্ৰমণ কৰাৰ পাছত হামাছে প্ৰায় ২০০ জন লোকক জিম্মাত লৈছিল। ইজৰাইল চৰকাৰৰ মতে, এই আক্ৰমণত প্ৰায় ১২০০ লোক নিহত হৈছে। ইফালে পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে, এই যুদ্ধত এতিয়ালৈকে ১৩,৩০০ জন লোকৰ মৃত্যু হৈছে। আৰু প্ৰায়২৩ লাখ লোকে ঘৰ এৰি পলায়ন কৰিছে ।