ISHAN NEWS – Always One Step Ahead of Time…

কেতিয়া সুৰংগৰ বাহিৰলৈ ওলাব ৪১ গৰাকী শ্ৰমিক?

0 45

উত্তৰকাশীৰ সুৰংগত আবদ্ধ হৈ থকা ৪১ গৰাকী শ্ৰমিকক উদ্ধাৰৰ সময়সীমা ঘোষণা কৰিছে কেন্দ্ৰই। এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই সংবাদমাধ্যমক কয় যে , যদি সকলো পৰিকল্পনা অনুসৰি হয় তেন্তে অনাগত দুদিনত এক্সকেভেটৰৰ সহায়ত আবদ্ধ হৈ থকা শ্ৰমিক সকলক উদ্ধাৰ কৰাটো সম্ভৱ হ’ব। যদিহে প্ৰাৰম্ভিক পৰিকল্পনা সফল নহয় তেন্তে উদ্ধাৰ কাৰ্য পলম হ’ব পাৰে আৰু তেতিয়া ১৫ দিন পৰ্যন্ত সময় লাগিব পাৰে ।কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ সম্পাদক অনুৰাগ জৈনে কয় যে আমেৰিকাৰ এক্সকেভেটৰ জৰিয়তে শ্ৰমিকসকলক ক্ষীপ্ৰতাৰে উদ্ধাৰ কৰাটো সম্ভৱ হৈ উঠিব। এই ক্ষেত্ৰত তিনিদিনৰ ভিতৰতে ৪১ জন লোকক উদ্ধাৰ কৰিব পৰা যাব বুলিও জৈনে উল্লেখ কৰে । ইয়াৰ উপৰিও উদ্ধাৰ কামৰ বাবে আৰু পাঁচটা পৃথক পৰিকল্পনা কৰা হৈছে বুলি অনুৰাগে জানিবলৈ দিয়ে। কিন্তু সেই ক্ষেত্ৰত ৪১ জন লোকক নিৰাপদে বাহিৰলৈ উলিয়াই আনিবলৈ ১২ৰ পৰা ১৫ দিন লাগিব পাৰে।
উত্তৰকাশীৰ সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলক মঙলবাৰে খিচিৰিৰ উপৰিও নিশা আহাৰৰ বাবে পোলাও, পটল পনীৰ আৰু ৰুতি দিয়া হয়। শ্ৰমিকৰ স্বাস্থ্যৰ কথা মনত ৰাখিয়েই খাদ্যৰ পৰিৱৰ্তন কৰা হৈছে। মঙলবাৰে নিশা প্ৰায় ১৫০ টা খাদ্যৰ পেকেট পাইপৰ জৰিয়তে শ্ৰমিকসকললৈ প্ৰেৰণ কৰা হয় ।

Leave A Reply

Your email address will not be published.