ISHAN NEWS – Always One Step Ahead of Time…

ঈশ্বৰে আমাক শক্তি দিছিল

0 66

১৭ দিন  সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকাৰ পাছত মঙলবাৰে উত্তৰকাশীৰ ভগ্ন সুৰংগৰ পৰা ওলাই আহিল ৪১জনকৈ লোক। আন্ধাৰ সুৰংগৰ ভিতৰত শ্ৰমিক সকলে কেনেকৈ সময় কটালে সেই কথা ক’লে এজন শ্ৰমিকে ।

ঝাৰখণ্ডৰ খোটি জিলাৰ পৰা উত্তৰকাশীৰ সুৰংগত কাম কৰিবলৈ গৈছিল ৩২ বছৰীয়া জামৰা ।সুৰংগটো খহি পৰাৰ বাবে বাকী শ্ৰমিক সকলৰ সৈতে সুৰংগটোত আবদ্ধ হৈ পৰে জামৰা। মঙলবাৰে সন্ধিয়া সুৰংগটোৰ পৰা ওলাই অহাৰ পাছত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত জামৰাই কয় যে, ১২ নৱেম্বৰৰ পুৱাৰ ভাগত সুৰংগটোত কাম কৰি থাকোঁতে এটা ডাঙৰ শব্দ শুনিছিলো। আমাৰ চকুৰ সন্মুখতে সুৰংগটোৰ এটা অংশ খহি পৰিল। সেইসময়ত “আমি প্ৰাণ ৰক্ষাৰ বাবে দৌৰিছিলো।  আমি কোনো এগৰাকী ওলাই আহিব নোৱাৰিলো ।আমি আতংকিত হৈ পৰিলো। কেইমুহূৰ্ত মানৰ ভিতৰতে মই উমান পালো সুৰংগৰ ভিতৰত অনিৰ্দিষ্টকাললৈ আবদ্ধ হৈ পৰিছো।আমি অস্থিৰ হৈ পৰিলো।খুব ভোক লাগিছিল। ভয়ো লাগিছিল।

সুৰংগত আবদ্ধ হৈ থাকোতে ২৪ ঘন্টা অনাহাৰে থাকিব লগীয়া হৈছিল। ইয়াৰ পাছত প্ৰশাসনে আমালৈ খাদ্য প্ৰেৰণ কৰে। প্ৰথমবাৰৰ বাবে খাদ্য হিচাপে আহিল মুৰী আৰু ইলাচি। সেই খাদ্যই আমাক যুঁজখন অব্যাহত ৰাখিবলৈ শক্তি দিছিল জামাৰাই কয় যে, ‘আমি প্ৰথম আহাৰ গ্ৰহণ কৰাৰ  ২৪ ঘণ্টাৰ পাছত উপলব্ধি হ’ল মই যে জীয়াই আছো। কোনোবাই আমালৈ সহায়ৰ হাত আগবঢ়াব। আমাক মুক্তিৰ আশ্বাস দিয়া হৈছিল। আমাৰ আশা বাঢ়ি গৈছিল।”

সুৰংগটোৰ ভিতৰত সময় কটাবলৈ মোবাইলত গেম খেলিছিলো। মোবাইলত লুডু খেলি সময় কটাইছিলো। বাহিৰৰ পৰা আমালৈ চাৰ্জাৰ পঠোৱা বাবে ফোনটো চাৰ্জ কৰাত কোনো অসুবিধা হোৱা নাছিল। নেটৱৰ্ক নথকাৰ বাবে, কাৰো লগত যোগাযোগ কৰিব পৰা নাছিলো। জামৰাই কয় যে , তেওঁলোকে সুৰংগটোৰ ভিতৰত ইজনে সিজনৰ লগত নিজৰ সুখ-দুখৰ কথা পাতি আৰু মনোবল বৃদ্ধি কৰিছিল ।

উত্তৰকাশী সুৰংগত আবদ্ধ হৈ থকা ৪১জন লোকৰ অধিকাংশই ঝাৰখণ্ডৰ শ্ৰমিক। তাৰ ভিতৰত জামৰাও এজন। পত্নী আৰু তিনিটা সন্তানক এৰি মাহে ১৮ হাজাৰ টকাৰ বিনিময়ত সেই সুৰংগটোত কাম কৰিবলৈ গৈছিল। ১৭ দিনৰ মূৰত মঙলবাৰে মুকলি আকাশৰ তলত উশাহ লোৱাৰ পিছত জামৰাই কয়, “মই ভালেই আছো। আমি ঈশ্বৰৰ বিশ্বাস ৰাখিছিলো আৰু ঈশ্বৰে আমাক শক্তি দিছিল।

Leave A Reply

Your email address will not be published.