ISHAN NEWS – Always One Step Ahead of Time…

ভাৰত বিৰোধী কাৰ্যত লিপ্ত থকা খালিস্তানী সন্ত্ৰাসবাদী লখবীৰ সিঙৰ মৃত্যু

0 57

পাকিস্তানত আত্মগোপন কৰি থকা খালিস্তানী সন্ত্ৰাসবাদী লখবীৰ সিং ৰোডেৰ মৃত্যু হোৱাৰ খবৰ আহিছে। হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লৈছে ৭২ বছৰীয়া লখবীৰ সিঙে।

চোৰাংচোৱা সংস্থাই খালিস্তানী সন্ত্ৰাসবাদীগৰাকীৰ মৃত্যু নিশ্চিত কৰে। খালিস্তানী সন্ত্ৰাসবাদী লখবীৰ সিং আছিল জেনেৰেল সিং ভিণ্ডৰৱালেৰ ভতিজা।

কানাডাকে ধৰি বহু পশ্চিমীয়া দেশত সক্ৰিয় হৈ থকা ইণ্টাৰনেশ্যনেল শিখ য়ুথ ফেডাৰেশ্যনৰ মুৰব্বী আছিল লখবীৰ। ইয়াৰ সমান্তৰালকৈ লখবীৰ সিং নিষিদ্ধ সংগঠন খালিস্তান জিন্দাবাদ ফ’ৰ্চৰ মুৰব্বীও আছিল।

চোৰাংচোৱা সংস্থাৰ মতে, মৃত্যুৰ সময়ত লখবীৰ পাকিস্তানৰ লাহোৰত আত্মগোপন কৰি আছিল।

উল্লেখ্য যে, লখবীৰ সিঙক এবাৰ নেপালত ২০ কিলোগ্ৰাম আৰ ডি এক্সৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল। চোৰাংচোৱাৰ খবৰ অনুসৰি, ডুবাই হৈ পাকিস্তানত প্ৰৱেশ কৰিছিল লখবীৰ সিঙে। অৱশ্যে তেওঁৰ পৰিয়াল কানাডাত বাস কৰে।

২০২২ চনত ভাৰতে পাকিস্তানক দিয়া ২২গৰাকী সন্ত্ৰাসবাদীৰ তালিকাত নাম আছিল লখবীৰ সিঙৰ।

লখবীৰ সিঙৰ বিৰুদ্ধে আছে পাকিস্তানত বাহৰ পাতি নিচাজাতীয় সামগ্ৰী, অস্ত্ৰ-সস্ত্ৰ, টিফিন বোমাৰ লগতে আন বিস্ফোৰক সামগ্ৰী যোগান ধৰাৰ অভিযোগ।

ইয়াৰ উপৰি তেওঁ বহু হাই প্ৰফাইল লোকৰ হত্যাতো জড়িত আছিল। শেহতীয়াকৈ তেওঁ পঞ্জাৱৰ ডাঙৰ ডাঙৰ গেংষ্টাৰৰ সহযোগত সন্ত্ৰাসবাদী আৰু অপৰাধমূলক কাণ্ড সংঘটিত কৰিছিল।

ইউএপিএৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছিল। শেহতীয়াকৈ এন আই এয়ে মোগাত তেওঁৰ ভূমি জব্দ কৰিছিল। তেওঁৰ বিৰুদ্ধে ৬টা সন্ত্ৰাসবাদ সম্পৰ্কীয় গোচৰৰ তদন্ত চলাই আছিল এন আই এয়ে।

Leave A Reply

Your email address will not be published.