ISHAN NEWS – Always One Step Ahead of Time…

চাঞ্চল্যকৰ! নিজ পত্নী, পুত্ৰ-কন্যাক হত্যা কৰি আত্মহত্যা চকু বিশেষজ্ঞৰ । ISHAN NEWS…

0 157

উত্তৰ প্ৰদেশৰ ৰায়ে বাৰেলী জিলাত এজন চিকিৎসকে নিজৰ পত্নী আৰু দুটা সন্তানক হত্যা কৰি পিছত নিজে আত্মহত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি অৰুণ সিং নামৰ চকু বিশেষজ্ঞগৰাকীক মডাৰ্ণ ৰে’ল ক’চ ফেক্টৰীত সহকাৰী সংমণ্ডল চিকিৎসা বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। ৰায়ে বাৰেলীৰ লালগঞ্জত অৱস্থিত মডাৰ্ণ ৰেল ক’চ ফেক্টৰী।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ‘যোৱা দেওবাৰৰ পৰা পৰিয়ালটো কোনো লোকৰ সংস্পৰ্শলৈ অহা নাছিল। মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে’।

ৰায়ে বাৰেলীৰ আৰক্ষী অধীক্ষক আলোক প্ৰিয়দৰ্শীয়ে কয়, ‘তথ্য অনুসৰি চিকিৎসকজন চকুৰ বিশেষজ্ঞ আছিল। তেওঁ হতাশাত ভুগি আছিল। মৃত্যুৰ পূৰ্বে বহু বেজী ব্যৱহাৰ কৰিছিল। প্ৰথমে, তেওঁ সন্তান দুটিক ঔষধ সেৱন কৰাই অচেতন কৰি তাৰ পিছত তেওঁলোকৰ মূৰত আক্ৰমণ কৰে। পিছত নিজে চিপ লৈ আত্মহত্যা কৰে। মৰণোত্তৰ পৰীক্ষাৰ পিছত অধিক সবিশেষ পোহৰলৈ আহিব। চিকিৎসক, তেওঁৰ পত্নী আৰু দুটা সন্তান (এগৰাকী কন্যা আৰু এজন পুত্ৰ)ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ছোৱালীজনীৰ বয়স আনুমানিক ১৪ বছৰ আৰু ল’ৰাটোৰ বয়স প্ৰায় ৫ বছৰ যেন লাগে।‘

Leave A Reply

Your email address will not be published.