ISHAN NEWS – Always One Step Ahead of Time…

 বিপদ বাঢ়িছে ব্ৰিটেইনৰ ঋষি সুনক চৰকাৰৰ । ISHAN NEWS…

0 87

পুনৰ বিপদত ব্ৰিটেইনৰ ঋষি সুনক চৰকাৰৰ। ব্ৰিটেইনৰ মন্ত্ৰী ৰবাৰ্ট জেনৰিকে ব্ৰিটিছ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাৰ পাছতেই বিপদ বাঢ়িছে ঋষি সুনক চৰকাৰৰ ।

কিয় পদত্যাগ কৰিলে মন্ত্ৰী ৰবাৰ্ট জেনৰিকে ?

গৃহ সচিব ছুৱেলা ব্ৰেভাৰমেনৰ পাছত ব্ৰিটেইনৰ মন্ত্ৰী ৰবাৰ্ট জেনৰিকে ব্ৰিটিছ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ চৰকাৰে বৃহস্পতিবাৰে সংসদত ৰুৱাণ্ডা বিধেয়ক উত্থাপনৰ কেইমিনিটমান পূৰ্বে মন্ত্ৰী ৰবাৰ্ট জেনৰিকে  ব্ৰিটিছ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰি সকলোকে স্তম্ভিত কৰি তোলে। ৰবাৰ্ট জেনৰিকে কয় যে ৰুৱাণ্ডাৰ বিধেয়কক লৈ মতানৈক্যৰ বাবেই তেওঁ পদত্যাগ কৰিছে।

ৰুৱাণ্ডাৰ বিল কি ?

 বিগত কেইবছৰমানৰ পৰা শৰণাৰ্থী সংকটে ব্ৰিটেইনক জুৰুলা কৰি আহিছে। আফ্ৰিকা আৰু মধ্য এছিয়াৰ পৰা শৰণাৰ্থী আহি গোট খাইছেহি ব্ৰিটেইনত । আৰু ব্ৰিটেইনৰ পৰা সৰু নাৱেৰে ফ্ৰান্সলৈ যাত্ৰা কৰিছে ফ্ৰান্সলৈ। এই সংকটৰ সমাধানৰ বাবে সুনাক চৰকাৰে ৰুৱাণ্ডাৰ সৈতে চুক্তিবদ্ধ হয়। এই চুক্তি অনুসৰি ব্ৰিটেইনে ৰুৱাণ্ডাক মুঠ ১৫ কোটি পাউণ্ড ধন  কিস্তি হিচাপত দিব। ইয়াৰ বিনিময়ত শৰণাৰ্থী সকলক ৰুৱাণ্ডালৈ প্ৰেৰণ কৰিব।ইতিমধ্যে ৰুৱাণ্ডাক ১৪ কোটি পাউণ্ড দিয়া হৈছে,  যদিও এজনো শৰণাৰ্থী পঠিওৱা নাই। এই সন্দৰ্ভত দেশখনৰ শীৰ্ষ আদালতে এই আইন বলবৎ হ’লে ৰুৱাণ্ডাৰ পৰা অহা শৰণাৰ্থীক বলপূৰ্বকভাৱে নিজৰ দেশলৈ পঠিয়াব পাৰিব বুলি উল্লেখ কৰিছে ।যিটো বাঞ্ছনীয় নহয়।

শুকুৰবাৰে জৰুৰীকালীন সংবাদমেল আহ্বান কৰি সুনাকে কয় যে ৰুৱাণ্ডাৰ নীতিয়ে যে কাম কৰা নাই এনে নহয়। পৰিসংখ্যা উত্থাপন কৰি সুনাকে কয় যে যোৱা কেইবছৰমানৰ তুলনাত এই বছৰ ব্ৰিটেইনত শৰণাৰ্থীৰ আগমন হ্ৰাস পাইছে।

Leave A Reply

Your email address will not be published.