ISHAN NEWS – Always One Step Ahead of Time…

‘অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল’ : কপিল ছিবালক তীব্ৰ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

0 91

উচ্চতম ন্যায়ালয়ত এক গোচৰৰ শুনানিৰ সময়ত অসমক ম্যানমাৰৰ অংশ বুলি অদ্ভুত মন্তব্য কৰা কপিল ছিবালক উভতি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বুধবাৰে নাগৰিকত্ব আইন, ১৯৫৫ৰ ৬এ ধাৰাৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানিৰ সময়ত কপিল ছিবালে এই মন্তব্য কৰা বুলি জানিব পৰা গৈছে।

কপিল ছিবালৰ এই মন্তব্যৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, ‘অসমৰ ইতিহাসৰ কোনো জ্ঞান নথকা মানুহে কথা ক’ব নালাগে। অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল। অলপ সময়ৰ বাবে সংঘৰ্ষ হৈছিল, সেইটোৱেই আছিল ম্যানমাৰৰ সৈতে একমাত্ৰ সংযোগ। ইয়াক বাদ দি অসম ম্যানমাৰৰ অংশ আছিল বুলি কোনো তথ্য দেখা নাই’।

বুধবাৰে উচ্চতম ন্যায়ালয়ত কপিল ছিবালে কৈছিল যে কোনো প্ৰব্ৰজনৰ মেপ কেতিয়াও কৰিব নোৱাৰি। তেওঁ কৈছিল, ‘যদি আপুনি অসমৰ ইতিহাস চাই, তেতিয়া কোন কেতিয়া আহিছিল সেইটো অনুসন্ধান কৰাটো অসম্ভৱ বুলি আপুনি উপলব্ধি কৰিব। অসম প্ৰথমে ম্যানমাৰৰ অংগ আছিল, ১৮২৪ চনত ইংৰাজে অঞ্চলটোৰ এটা অংশৰ ওপৰত বিজয় অৰ্জন কৰাৰ পিছত অসমক এক চুক্তিৰ অধীনত ইংৰাজৰ হাতত গতাই দিয়া হয়’।

উল্লেখ্য যে, জ্যেষ্ঠ অধিবক্তা তথা ৰাজনীতিবিদ কপিল ছিবালৰ এই মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত অসমৰ বহু লোকে তেওঁক তীব্ৰ কটাক্ষ তথা সমালোচনা কৰা পৰিলক্ষিত হৈছিল।

Leave A Reply

Your email address will not be published.