ISHAN NEWS – Always One Step Ahead of Time…

বিয়া খাবলৈ আহি দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫জন লোকে

0 60

শুকুৰবাৰে উত্তৰ কানাড়া জিলাৰ বান্দলাৰ সমীপৰ ছিৰছিত বাছ আৰু এখন চাৰিচকীয়া বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত ৫জন লোক নিহত হয়।

ছিৰচিৰ এখন বিয়াত অংশ ল’বলৈ গৈ আছিল দুৰ্ঘটনাত পতিত হোৱা লোককেইজন।

আৰক্ষীয়ে জনোৱা মতে, দক্ষিণ কানাড়া জিলাৰ কাইকাম্বাৰ পৰা অহা যাত্ৰীসকলে ছিৰছি-কুমতা ঘাইপথেৰে যাত্ৰা কৰিছিল। পুৱা প্ৰায় ১০.৩০ বজাত তেওঁলোকৰ বাহনখন বিপৰীত দিশৰ পৰা আহি থকা পথ পৰিবহণ নিগমৰ বাছৰ সৈতে খুন্দা মাৰে।

দুৰ্ঘটনাটোত চাৰিজন লোকে থিতাতে প্ৰাণ হেৰুওৱাৰ লগতে এজনে চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়। নিহত লোককেইজন হৈছে সুহাস, পুষ্পলাথা, বিদ্যালক্ষ্মী, ৰামকৃষ্ণ ৰাও, আৰু অৰবিন্দ।

দুৰ্ঘটনা সন্দৰ্ভত ছিৰছি গ্ৰাম্য আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.