সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে পুনৰ নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ সংঘটিত কৰাৰ খবৰ আহিছে। শ্ৰীনগৰৰ সন্ত্ৰাসবাদীয়ে আৰক্ষী বিষয়াক গুলীয়াই আহত কৰিছে।
গুলীবিদ্ধ আৰক্ষী বিষয়াজনক সংকটজনক অৱস্থাত সেনা হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
জানিব পৰা মতে, শনিবাৰে সন্ধিয়া শ্ৰীনগৰৰ বাহিৰৰ বেমিনাৰ হামদানিয়া কলনীত অচিনাক্ত সন্ত্ৰাসবাদীয়ে এজন আৰক্ষী বিষয়াক গুলীয়াই আহত কৰে।
এজন শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে, সন্ত্ৰাসবাদীয়ে বহু ওচৰৰ পৰা আৰক্ষী বিষয়াগৰাকীক গুলীয়াই আহত কৰে। আহত আৰক্ষী বিষয়াগৰাকীক শ্ৰীনগৰৰ হামদানিয়া কলনীৰ বাসিন্দা মহম্মদ হাফিজ চাদ বুলি চিনাক্ত কৰে।
আৰক্ষী বিষয়াগৰাকীৰ সোঁহাত আৰু পেটত গুলী লাগিছে আৰু সম্প্ৰতি তেওঁ সংকটজনক অৱস্থাত সেনা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ দিয়ে।
এই আক্ৰমণৰ ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে এক বৃহৎ যৌথ তালাচী অভিযান আৰম্ভ কৰিছে।