দুমাহলৈ চলিব হামাছ ইজৰাইলৰ যুদ্ধ! ইজৰাইলক ১৩ হাজাৰ গোলা-বাৰুদ প্ৰদান আমেৰিকাৰ । ISHAN NEWS…
আৰু দুমাহলৈ চলিব হামাছ ইজৰাইলৰ যুদ্ধ! ইজৰাইলৰ বিষয়াসকলৰ উদ্ধৃতি দি সম্প্ৰচাৰ কৰ্তৃপক্ষৰ এই ঘোষণা। যুদ্ধ অব্যাহত ৰাখিবলৈ আমেৰিকাৰ পৰা গোলা-বাৰুদ বিচাৰিছে ইজৰাইলে। প্ৰত্যক্ষভাৱে যুদ্ধত অৱতীৰ্ণ নহলেও পূৰ্বৰে পৰা হামাছৰ বিৰুদ্ধে ইজৰাইলক বৃহত্ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আহিছে আমেৰিকাই। যোৱা শনিবাৰে সংযুক্ত পৰিষদৰ সাধাৰণ সভাত যুদ্ধবিৰতিৰ প্ৰস্তাৱ খাৰিজ হোৱাৰ পাছতেই পুনৰ ইজৰাইললৈ আমেৰিকাই আগবঢ়ালে বৃহত্ পৰিমাণৰ অস্ত্ৰভাণ্ডাৰ। গাজাত যুদ্ধ অব্যাহত ৰাখিবলৈ ইজৰাইলী সেনাক ১৩ হাজাৰ গোলা-বাৰুদ প্ৰদান কৰাৰ সিদ্ধান্ত আমেৰিকাৰ। অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰাৰ বাবে আমেৰিকান কংগ্ৰেছৰ অনুমতি অবিহনে জৰুৰীকালীন ব্যৱস্থা ব্যৱহাৰ কৰি বাইডেন প্ৰশাসনে গৃহীত কৰিলে এখন বিধেয়ক। বাইডেন প্ৰশাসনে আশংকা কৰিছিল যে কংগ্ৰেছে বিধেয়কখন গৃহীত হোৱাত বাধা দিব। ইয়াৰ কাৰণ হৈছে যে আমেৰিকাই ইতিমধ্যে ১১০.৫ বিলিয়ন ডলাৰ অৰ্থাৎ ইজৰাইলৰ বাবে প্ৰায় ৯১ লাখ কোটি টকাৰ সহায়ৰ লক্ষ্যৰে গৃহীত কৰিছে বিধেয়ক।
আনহাতে, হামাছে পুতলাৰ মাজত বোমা ভৰাই আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ ৰচিছে বুলি অভিযোগ তুলিছে ইজৰাইলৰ সামৰিক বাহিনীয়ে। এটা ভিডিঅ’ মুকলি কৰি ইজৰাইলী সেনাই অস্ত্ৰ লুকুৱাবলৈ টেডি বিয়েৰৰ ব্যৱহাৰ কৰিছে বুলি অভিযোগ তুলিছে।