ISHAN NEWS – Always One Step Ahead of Time…

সুৰাপান কৰি গুৰুদ্বাৰলৈ যায় পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান! ভিডিঅ’যোগে এই চাঞ্চল্যকৰ অভিযোগ কন্যাৰ

0 157

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ কন্যা ছিৰত কৌৰে নিজৰ পিতৃ সন্দৰ্ভত চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। সুৰা সেৱন কৰি গুৰুদ্বাৰ দৰ্শন কৰিবলৈ যোৱাৰ অভিযোগ উত্থাপন ভগৱন্ত মানৰ বিৰুদ্ধে।

ইয়াৰ উপৰি ভগৱন্ত মানে তৃতীয় সন্তানৰ পিতৃ হ’বলৈ গৈ আছে বুলিও কন্যা কৌৰে মন্তব্য কৰে।

শিৰোমণি আকালি দলৰ নেতা বিক্ৰম সিং মাজাঠিয়াই শনিবাৰে ভিডিঅ’ প্ৰেছ কনফাৰেন্সৰ জৰিয়তে ছিৰত কৌৰৰ ভিডিঅ’টো ৰাজহুৱা কৰে।

বিবাদ সৃষ্টি কৰা ভিডিঅ’টোত ছিৰত কৌৰে কয় যে ভগৱন্ত মানে তেওঁক আৰু তেওঁৰ ভাতৃৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰিছে। ভিডিঅ’টোত ছিৰতে প্ৰশ্ন কৰে, ‘যদি এজন ব্যক্তিয়ে এজন পিতৃ-মাতৃৰ দায়িত্ব পালন কৰিব নোৱাৰে, তেন্তে তেওঁক পঞ্জাৱ চলোৱাৰ দায়িত্ব কেনেকৈ অৰ্পণ কৰা হয়’?

ভিডিঅ’টোত ছিৰত কৌৰে ভগৱন্ত মান তৃতীয় সন্তানৰ পিতৃ হ’বলৈ গৈ আছে বুলিও মন্তব্য কৰে। পিতৃৰে সু-সম্পৰ্ক থকা লোকৰ পৰা এই কথা জানিব পাৰিছে বুলিও তেওঁ মন্তব্য কৰে।

https://twitter.com/NARENDRA0933/status/1733689707211665878

ছিৰতে প্ৰশ্ন উত্থাপন কৰে যে যিজন ব্যক্তিয়ে দুটাকৈ সন্তানক এৰি দিছে তেওঁ কিয় তৃতীয় সন্তান জন্ম দিব লাগে?

ইফালে ভিডিঅ’টো সন্দৰ্ভত আকালি দলৰ নেতা বিক্ৰম সিঙে কয় যে যিসকল লোকে নিজৰ সন্তানৰ যত্ন ল’ব নোৱাৰে তেওঁলোকক ৰাজ্যৰ স্বাৰ্থত কাম কৰিব বুলি বিশ্বাস কৰিব নোৱাৰি।

Leave A Reply

Your email address will not be published.