ISHAN NEWS – Always One Step Ahead of Time…

সংসদ ভৱনৰ নিৰাপত্তাজনিত ঘটনাৰ তদন্ত কমিটী গঠন । ishan news…

0 178

দেশৰ সংসদ ভৱনৰ নিৰাপত্তা ব্যৱস্থা  সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিলে গৃহ মন্ত্ৰণালয়ে। বুধবাৰে নিশা অধিসূচনা জাৰি কৰি তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে সংসদ ভৱনৰ অবাঞ্চিত ঘটনাৰ তদন্তৰ বাবে তদন্ত কমিটী গঠন কৰে । তদন্তৰ দায়িত্ব অৰ্পন কৰে চি আৰ পি এফৰ সঞ্চালক প্ৰধান অনিশ দয়াল সিঙক।লগতে দেশৰ আন আন আন নিৰাপত্তা সংস্থা আৰু বিশেষজ্ঞসকলক এই সমিতিৰ সদস্য হিচাপে ৰখা হৈছে ।অধিসূচনাখনত কোৱা হৈছে যে,  এই কমিটীয়ে সংসদত নিৰাপত্তা ভংগৰ কাৰণসমূহ কি সেইটো পৰীক্ষা কৰিব ।

২৮ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি আড়ম্বৰেৰে নতুন সংসদ ভৱন উদ্বোধন কৰে। উদ্বোধনীৰ ২০০ দিনৰ পাছত বুধবাৰে সংসদৰ নিৰাপত্তা ব্যৱস্থাত ত্ৰুটি ধৰা পৰে।

বুধবাৰৰ ঘটনাত নিৰাপত্তাৰ ক্ষেত্ৰত গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। বিৰোধীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰাও স্পষ্টীকৰণ বিচাৰিছে। কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে কয় যে , গ্ৰেপ্তাৰ হোৱা চাৰিজন লোকে কোনো ডাঙৰ অপৰাধ সংঘটিত কৰিব নোৱাৰিলে। কিন্তু ডাঙৰ কিবা এটা হ’লে কি হ’ব? ইয়াৰ বাবে গৃহমন্ত্ৰীক জবাবদিহি কৰা উচিত। সংসদৰ নিৰাপত্তা ব্যৱস্থা কেনেকৈ ত্ৰুটিপূৰ্ণ হৈ থাকিল তাৰ উত্তৰ দিব লাগিব।

Leave A Reply

Your email address will not be published.