ISHAN NEWS – Always One Step Ahead of Time…

মহম্মদ জামালুদ্দিনে নিৰ্মাণ কৰা প্ৰতিমাৰে জিলিকিব ৰাম মন্দিৰ!

0 156

বহু অপেক্ষা আৰু দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত অৱশেষত সমাগত ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হব। যিমানেই দিন পাৰ হৈ গৈছে সিমানেই বাঢ়িছে ব্যস্ততা। ১৪ জানুৱাৰীৰ পৰা আয়োজন কৰা হব বিশেষ ধৰ্মীয় কাৰ্যসূচী। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে অযোধ্যাত এতিয়া যুদ্ধংদেহী প্ৰস্তুতি। হিন্দু-মুছলমান বুলি কথা নাই, বিভিন্ন জাতি, সম্প্ৰদায়ৰ মৃত্শিল্পীয়ে প্ৰস্তুত কৰিছে বিভিন্ন মূৰ্তি। পশ্চিম বংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ দুজন মুছলমান ভাস্কৰ্যশিল্পীয়ে প্ৰস্তুত কৰিছে ৰাম মন্দিৰৰ মূৰ্তি। পুত্ৰ বিট্টুৰ সৈতে বিশাল মূৰ্তি নিৰ্মাণত নিয়োজিত হৈ আছে মহম্মদ জামালুদ্দিন। তেওঁলোকে প্ৰস্তুত কৰা এই মূৰ্তিবোৰে বৃদ্ধি কৰিব ৰাম মন্দিৰ চৌহদৰ সৌন্দৰ্য।প্ৰথমে অনলাইনত দেখা গৈছিল এই পিতৃ আৰু পুত্ৰ ভাস্কৰ্যশিল্পৰ কাম। ইয়াৰ পাছতেই তেওঁ অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে আঁহৰ মূৰ্তি নিৰ্মাণৰ অৰ্ডাৰ পাইছিল। জামালুদ্দিনে কয় যে আঁহৰ মূৰ্তিৰ মূল্য মাটিতকৈ অধিক। কিন্তু আঁহৰ ভাস্কৰ্যই সকলো ধৰণৰ বতৰ সহ্য কৰিব পাৰে আৰু দীৰ্ঘকাললৈ ভালে থাকে। ফাইবাৰ মূৰ্তি এটাৰ দাম প্ৰায় ২.৮ লাখ টকা হ’ব পাৰে।

এগৰাকী মুছলমান হৈও মূৰ্তি প্ৰস্তুত কৰা প্ৰসংগত জামালুদ্দিনে কয় “ধৰ্ম এটা ব্যক্তিগত বিষয়। আমাৰ দেশত বিভিন্ন ধৰ্মৰ লোক আছে। আমি সকলোৱে একেলগে থাকিব লাগিব। ভগৱান ৰামৰ মূৰ্তি তৈয়াৰ কৰি মই সুখী অনুভৱ কৰিছো। এই কাৰ্যৰে এজন শিল্পী হিচাপে মই ভাতৃত্ববোধৰ বাৰ্তা দিব বিচাৰিছো।”

কেৱল ৰামৰ নহয়, জামানুদ্দিলে দুৰ্গা দেৱী আৰু জগধাত্ৰীৰো বিশাল মূৰ্তিও নিৰ্মাণ কৰে। তেওঁলোকৰ এই মূৰ্তি এটা নিৰ্মাণ কৰিবলৈ প্ৰায় ৩৫ জনীয়া দল আৰু প্ৰায় ডেৰ মাহ সময়ৰ প্ৰয়োজন হয়। মূৰ্তিবোৰ উত্তৰ প্ৰদেশলৈ কঢ়িয়াই নিবলৈ ৪৫ দিন লাগে বুলি উল্লেখ কৰে ভাস্কৰ্যশিল্পীগৰাকীয়ে।

Leave A Reply

Your email address will not be published.