‘কাশ্মীৰ পাকিস্তানৰ ডিঙিৰ শিৰ। লাগিলে ৩০০ খন যুদ্ধ কৰিম, কাশ্মীৰ লৈহে এৰিম।‘ ভাৰতৰ যুদ্ধৰ ভাবুকি পাকিস্তানৰ!
কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাক লৈ সমালোচনা কৰিবলৈ গৈ একপ্ৰকাৰ যেন ভাৰতৰ যুদ্ধৰ ভাবুকি দিলে পাকিস্তানে। কাশ্মীৰৰ বাবে প্ৰয়োজন হ’লে ৩০০ খন যুদ্ধত অৱতীৰ্ণ হ’ম বুলি মন্তব্য কৰিছে পাকিস্তানৰ তত্বাৱধায়ক প্ৰধানমন্ত্ৰী আনৱাৰ-উল-হক কাকাৰে। জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ কৰাৰ সিদ্ধান্তক দেশৰ উচ্চতম ন্যায়ালয়ে বৈধতা প্ৰদান কৰা কাৰ্যক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি আখ্যা পাক প্ৰধানমন্ত্ৰীৰ। পাকিস্তানে কাশ্মীৰৰ জনসাধাৰণক নৈতিক, ৰাজনৈতিক আৰু কূটনৈতিক সমৰ্থন আগবঢ়াই যাব বুলিও তেওঁ কয়।
তত্বাৱধায়ক প্ৰধানমন্ত্ৰীগৰাকীয়ে বিধান সভাত ভাষণ দি লগতে কয় – ‘কাশ্মীৰ হৈছে পাকিস্তানৰ ডিঙিৰ শিৰ। কাশ্মীৰৰ বাবে ৩০০ খন যুদ্ধত নামিবলৈও সাজু পাকিস্তানৰ জনতা। কাশ্মীৰ অবিহনে পাকিস্তান শব্দটো অসম্পূৰ্ণ। পাকিস্তান আৰু কাশ্মীৰৰ লোকসকল আত্মীয়তাৰে বান্ধ খাই আছে। আমি সুখ-দুখ ভাগ বতৰা কৰোঁ। কাশ্মীৰৰ পৰিস্থিতিৰ প্ৰতি কেতিয়াও উদাসীন হৈ থাকিব নোৱাৰে পাকিস্তান।কাশ্মীৰ আমাৰ তেজত আছে। কাশ্মীৰীসকলক তেওঁলোকৰ নিজা সিদ্ধান্ত লোৱাৰ অধিকাৰ থকাটো পাকিস্তানে সমৰ্থন কৰে।‘
একাংশ বিজেপি নেতাৰ ভাষ্য উল্লেখ কৰি তেওঁ কয় যে গিলগিট বাল্টিস্তান আৰু কাশ্মীৰৰ এটা অংশেও কোনেও কাঢ়ি নিব নোৱাৰিব। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ এই বক্তব্যৰ ওপৰত এতিয়ালৈও ভাৰতে আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।