আৰক্ষীৰ জেৰাত কি ক’লে সংসদ ভৱনত আতংক সৃষ্টি কৰা ঘটনাৰ অভিযুক্তই
সংসদৰ নিৰাপত্তা ব্যৱস্থাত থকা ত্ৰুটিয়ে জোকাৰি গৈছে সমগ্ৰ দেশ। এই ঘটনাৰ লগত জৰিত আটাইকেইজন অভিযুক্তকে দিল্লী আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে গ্ৰেপ্তাৰ কৰিছে।দিল্লী আৰক্ষীয়ে চলোৱা জেৰাৰ সময়ত চাৰি অভিযুক্তই প্ৰতিদিনে ন ন তথ্য সদৰী কৰিছে ।ধৃত অভিযুক্ত সাগৰ শৰ্মাই আৰক্ষীৰ জেৰাৰ সময়ত সংসদৰ বাহিৰত নিজকে জ্বলাই দিব বিচাৰিছিল বুলি উল্লেখ কৰিছে ।ধৃত সাগৰ শৰ্মা আৰু মনোৰঞ্জনে সদনত প্ৰৱেশ কৰি ধোঁৱা বোমাৰ জৰিয়তে সদনত ধোঁৱা বিয়পাই দিছিল।
দিল্লী আৰক্ষয়ে কয় যে , জেৰাৰ সময়ত ধৃত সাগৰে , নিজকে জ্বলাই দিবলৈ বিচাৰিছিল। সংসদৰ বাহিৰত নিজৰ শৰীৰত অগ্নি সংযোগ কৰাৰ পৰিকল্পনা কৰিছিল। জুই জ্বলোৱাৰ বাবে অনলাইনযোগে জেলি সদৃশ পদাৰ্থ ক্ৰয় কৰাৰো পৰিকল্পনা কৰিছিল ধৃত সাগৰে ।কিন্তু অনলাইন পেমেণ্টৰ সুবিধা নথকাৰ বাবে জেলি ক্ৰয় কৰিব নোৱাৰি সংসদৰ বাহিৰত নিজকে জ্বলোৱাৰ পৰিকল্পনা বাদ দিলে ধৃত সাগৰ শৰ্মাই।
দিল্লী আৰক্ষীৰ সূত্ৰৰ মতে, ঘটনা সংঘটিত কৰিবলৈ অভিযুক্তই এটা, দুটা নহয় ৭টা ধোঁৱাৰ কেন লগত লৈ আহিছিল।অভিযুক্তই গুগলত সংসদ ভৱনৰ আশে-পাশে থকা অঞ্চলৰ অনুসন্ধান চলাইছিল। এই ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আটাইকেইটা অভিযুক্তক যাতে কোনেও ধৰিব নোৱাৰিবলৈ ইজনে সিজনৰ লগত চিগনেল এপত কথা পাতিছিল ।