ISHAN NEWS – Always One Step Ahead of Time…

আম আদমি পাৰ্টীৰ নতুন দায়িত্বত সাংসদ ৰাঘৱ চাড্ডা

0 41

ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাক নতুন দায়িত্ব প্ৰদান কৰিছে আম আদমি পাৰ্টীয়ে। সাংসদ সঞ্জয় সিঙৰ অনুপস্থিতিত দলে তেওঁক ৰাজ্যসভাত দলীয় নেতাৰ দায়িত্ব অৰ্পণ কৰিছে।

উল্লেখ্য যে, সাংসদ সঞ্জয় সিঙক দিল্লী আবকাৰী নীতিৰ গোচৰত এনফৰ্চমেণ্ট ডিৰেক্টৰেট (ইডি)এ গ্ৰেপ্তাৰ কৰিছিল আৰু বৰ্তমান সিং ন্যায়িক জিম্মাত আছে।

সঞ্জয় সিঙৰ অনুপস্থিতিত ৰাঘৱ চাড্ডাক ৰাজ্যসভাত আম আদমি পাৰ্টীৰ নেতা হিচাপে নিযুক্তি দিয়া হৈছে।

স্মৰ্তব্য যে, যোৱা ২৪ জুলাইত আম আদমি পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে মণিপুৰৰ ঘটনা সন্দৰ্ভত অধ্যক্ষৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পিছত তেওঁক সমগ্ৰ বৰ্যাকালীন অধিবেশনৰ বাবে নিলম্বিত কৰা হৈছিল।

আম আদমি পাৰ্টীৰ অতি স্পষ্টবাদী কণ্ঠ ৰাঘৱ চাড্ডাই ৰাজ্যসভাত দলৰ হৈ যুক্তবাদী ভাষণ দি আহিছে। শেহতীয়াকৈ তেওঁ কেন্দ্ৰীয় নিৰ্বাচন আয়ুক্তৰ সৈতে জড়িত বিধেয়কখনৰ ওপৰত আলোচনাৰ সময়তো গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰিছিল। ছ’চিয়েল মিডিয়াত তেওঁৰ ভাষণ যথেষ্ট ভাইৰেল হৈ পৰিছিল।

উল্লেখ্য যে, চলিত বৰ্ষৰ ১১ আগষ্টত ৰাঘৱ চাধাক ৰাজ্যসভাৰ পৰা অনিৰ্দিষ্টকাললৈ নিলম্বন কৰা হৈছিল। অধিৱেশনৰ পৰা নিলম্বন কৰা এই সিদ্ধান্তক তেওঁ উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনায়। উচ্চতম ন্যায়ালয়ে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ক সাক্ষাৎ কৰি আবেদন দাখিল কৰাৰ বিষয়ে আলোচনা কৰে। তাৰ পিছত ১১৫ দিনৰ পাছত চাড্ডাৰ নিলম্বন প্ৰত্যাহাৰ কৰা হয়।

আম আদমি পাৰ্টীৰ ৰাজ্যসভাত ১০ জন সাংসদ আছে। ইয়াৰ ভিতৰত সৰ্বাধিক ৭ জন সাংসদ পঞ্জাৱৰ। দিল্লীৰ পৰা তিনিজন সাংসদ। ৰাঘৱ চাড্ডা পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ।

Leave A Reply

Your email address will not be published.