ISHAN NEWS – Always One Step Ahead of Time…

মুছলিম পক্ষৰ মুখ থেকেচা!  জ্ঞানবাপী মছজিদক লৈ হিন্দু পক্ষক সকাহ দিলে আদালতে!

0 190

জ্ঞানবাপী মছজিদ বিতৰ্কক লৈ এলাহাবাদ উচ্চ ন্যালায়ৰ গুৰুত্বপূৰ্ণ ৰায়। জ্ঞানবাপী মছজিদ হিন্দুসকলে পূজা কৰিবলৈ কৰা আৱেদনক প্ৰত্যাহ্বান জনোৱা মুছলমান পক্ষৰ সকলো আৱেদন খাৰিজ কৰিলে আদালতে। বাৰাণসীৰ জ্ঞানবাপী মছজিদ আৰু কাশী বিশ্বনাথ মন্দিৰৰ মাজত মালিকীস্বত্ব সন্দৰ্ভত চুন্নী কেন্দ্ৰীয় ৱাকফ বৰ্জ আৰু অঞ্জুমান ইণ্টেজামিয়া মছজিদ কমিটীয়ে দাখিল কৰিছিল এই আৱেদন। এলাহাবাদ উচ্চ ন্যায়ালয়ে মুছলিম পক্ষৰ ৫ খন আৱেদন খাৰিজ কৰি ১৯৯১ চনৰ গোচৰটোৰ বিচাৰত অনুমোদন জনাইছে। ইয়াৰ লগতে বাৰাণসী আদালতক ন্যায়াধীশ ৰোহিত ৰঞ্জন অগ্ৰৱাল খণ্ড বিচাৰপীঠে ৬ মাহৰ ভিতৰত বিচাৰ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।  

এলাহাবাদ উচ্চ ন্যায়ালয়ে লগতে কয় যে এটা গোচৰত কৰা এএছআই জৰীপ  আন গোচৰতো দাখিল কৰা হ’ব আৰু যদি নিম্ন আদালতে অনুভৱ কৰে যে যিকোনো অংশৰ জৰীপ প্ৰয়োজন আদালতে এএছআইক জৰীপটো পৰিচালনা কৰিবলৈ নিৰ্দেশ দিব পাৰে।

হিন্দু পক্ষই দাবী কৰি আহিছে যে জ্ঞানবাপী মছজিদ মন্দিৰৰ এটা অংশ।  শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে কয় যে ১৯৯১ চনৰ দেৱানী গোচৰটো বজাই ৰাখিব পৰা যায় আৰু উপাসনা স্থান আইন অনুসৰি নিষিদ্ধ নহয়।

Leave A Reply

Your email address will not be published.