ইজৰাইলত নাই শ্ৰমিক! প্ৰধানমন্ত্ৰী মোদীলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ ফোন। ISHAN NEWS…
নিয়ন্ত্ৰণৰ বাহিৰত হামাছ-ইজৰাইলৰ যুদ্ধ! আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ। প্ৰধানমন্ত্ৰী মোদীক যুদ্ধৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে।
ৰেড ছিত সৃষ্টি হোৱা পৰিৱেশক লৈ আলোচনা কৰে দুয়োগৰাকী নেতাই। য়েমেনৰ হুথী বিদ্ৰোহীয়ে ৰেড ছিত ইজৰাইলী জাহাজক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। যাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হৈছে জাহাজসমূহ। আন্তঃৰাষ্ট্ৰীয় পথত যিকোনো মূল্যত জাহাজসমূহক সুৰক্ষা দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
আলোচনাকালত প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ আলোচনা আৰু কূটনীতিৰ জৰিয়তে মানৱীয় সহায় আৰু সংঘাত সমাধানৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। সকলো বন্দীক মুক্তি দিয়াকে ধৰি সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে দুয়োগৰাকী নেতাই। সকলোধৰণৰ মানৱীয় সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ভাৰতে। আনহাতে, ভাৰত আৰু ইজৰাইলৰ মাজৰ অৰ্থনৈতিক সম্পৰ্কৰ ওপৰতো আলোচনা কৰে দুয়োগৰাকী নেতাই।
যুদ্ধৰ ফলত শ্ৰমিকৰ অভাৱত ভুগিছে ইজৰাইল। যাৰ বাবে ভাৰতৰ পৰা হাজাৰ হাজাৰ শ্ৰমিক বিচাৰিলে দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। টেলিফোনিক বাৰ্তালাপত নৰেন্দ্ৰ মোদীয়ে ইজৰাইললৈ শ্ৰমিক প্ৰেৰণ কৰিবলৈ সন্মত হয়।