ISHAN NEWS – Always One Step Ahead of Time…

ডোনাল্ড ট্ৰাম্পক ৰাষ্ট্ৰপতি পদৰ বাবে অযোগ্য ঘোষণা

0 97

আমেৰিকাৰ ক’লৰাড’ৰ ৰাজ্যিক উচ্চতম ন্যায়ালয়ে  আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি  ডোনাল্ড ট্ৰাম্পক ৰাষ্ট্ৰপতি পদৰ বাবে অযোগ্য ঘোষণা কৰিছে  । ক’লৰাড’ৰ ৰিপাব্লিকান দলৰ প্ৰাৰম্ভিক নিৰ্বাচনত অংশগ্ৰহণ কৰাতো ডোনাল্ড ট্ৰাম্পক  নিষেধাজ্ঞা আৰোপ কৰিছে আদালতে। ২০২১ চনৰ ৬ জানুৱাৰীত আমেৰিকাৰ সংসদত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে আদালতে ট্ৰাম্পক জগৰীয়া কৰিছে।

আন্তৰাষ্ট্ৰীয় সংবাদ সঁস্থাৰ প্ৰতিবেদন অনুসৰি ক’লৰাড’ৰ উচ্চতম ন্যায়ালয়ে ৪-৩ৰ সংখ্যাগৰিষ্ঠতাৰে এই সিদ্ধান্ত  গ্ৰহণ কৰিছে । প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ইতিহাসত  ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীয়ে হোৱাইট হাউছৰ দৌৰত যোগদানৰ পূৰ্বে অযোগ্য ঘোষণা কৰিছে ।জানিব পৰা মতে আদালতৰ এই সিদ্ধান্ত ২০২৪ চনৰ ৫ মাৰ্চত ক’লৰাড’ত অনুষ্ঠিত হ’বলগীয়া ৰিপাব্লিকান দলৰ প্ৰাৰম্ভিক নিৰ্বাচনতো প্ৰযোজ্য হ’ব। ২০২৪ চনৰ ৫ নৱেম্বৰত আমেৰিকাৰ সাধাৰণ নিৰ্বাচনতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

নিউয়ৰ্ক টাইমছৰ মতে, ২০২৪ চনৰ ৪ জানুৱাৰীৰ ভিতৰত ক’লৰাডো উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব পাৰিব ।

জো বাইডেনৰ বিৰুদ্ধে অভিযোগ

ক’লৰাডো আদালতৰ এই সিদ্ধান্তৰ পিছত আইঅ’ৱাত অনুষ্ঠিত এখন বৈঠকত ট্ৰাম্পে কয় যে এই সিদ্ধান্তত বাইডেনৰ হাত আছে। নিৰ্বাচনত ব্যাঘাত জন্মাব বিচাৰিছে জো বাইডেনে । আনকি তেওঁ নিজৰ জয়ৰ বাবে আমেৰিকাৰ সংবিধান উলংঘা কৰিবলৈও সাজু। ট্ৰাম্পে দাবী কৰে যে, বাইডেনে নিৰ্বাচনত বেয়াকৈ পৰাস্ত হব, সেয়েহে তেওঁ নিৰ্বাচনত ব্যাঘাত জন্মাবলৈ আইন প্ৰয়োগকাৰী সংস্থাক অস্ত্ৰৰে সজ্জিত কৰিছে।

Leave A Reply

Your email address will not be published.