২ মুছলমান বিধায়কৰ কৰ্মই আচৰিত কৰিলে সকলোকে….
ৰাজস্থানৰ ২ মুছলমান বিধায়কৰ কৰ্ম-কাণ্ডই আচৰিত কৰিছে সকলোকে। বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত যোৱা বুধবাৰে আয়োজন কৰা প্ৰথমখন অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনটোত প্ৰটেম স্পীকাৰে নৱনিৰ্বাচিত বিধায়কসকলক শপতবাক্য পাঠ কৰায়। শপত গ্ৰহণ কাৰ্যসূচীত দীদৱানা সমষ্টিৰ নিৰ্দলীয় বিধায়ক য়ুনুছ খান আৰু ৰামগড়ৰ বিধায়ক জুবেৰ খানে হিন্দীৰ পৰিৱৰ্তে সংস্কৃতত শপত লৈ আচৰিত কৰি তুলিলে সকলোকে। বিজেপিৰ প্ৰতি বিদ্ৰোহ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে দীদৱানা সমষ্টিৰ পৰা নিৰ্বাচন খেলিছিল য়ুনুছ খানে। অধিৱেশনৰ প্ৰথম দিনটোত ১৯১ গৰাকী বিধায়কে শপতগ্ৰহণ কৰে। বাকী ৮ গৰাকী বিধায়কে বৃহস্পতিবাৰে শপত লয়। নৱনিৰ্বাচিত বিধায়কসকলে হিন্দী আৰু সংস্কৃত ভাষাত শপত লয়। প্ৰায় ২১ গৰাকী বিধায়কে সংস্কৃত ভাষাত শপতগ্ৰহণ কৰে। সংস্কৃতত শপত লোৱাৰ বাবে ২ ২ মুছলমান বিধায়কক প্ৰশংসাৰে ওপচাইছে একাংশই।