২০২৪ৰ গণৰাজ্য দিৱসৰ অতিথি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন!
২০২৪ চনৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অতিথি হিচাপে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি উপস্থিত থকাৰ সম্ভাৱনা আছে ।ভাৰত চৰকাৰে গণৰাজ্য দিৱসৰ অতিথি হিচাপে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে । ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব বুলি খবৰ আহিছিল যদিও পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইদেনে গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ নকৰে বুলি বাতৰি সম্প্ৰচাৰিত হয় ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ।
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হোৱা বেষ্টিল ডে পেৰেডত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল। যদি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে তেন্তে ষষ্ঠজন বহিৰাষ্ট্ৰৰ নেতা হিচাপে পৰিচিত হ’ব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন।
১৯৭৬ চনত ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী জেক চিৰাকে প্ৰথমবাৰৰ বাবে ভাৰতৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ।ইয়াৰ পাছত ১৯৮০ চনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ভেলেৰী গিস্কাৰ্ড ডি এষ্টেইঙ, ১৯৯৮ চনত ৰাষ্ট্ৰপতি জেক চিৰাক, ২০০৮ চনত ৰাষ্ট্ৰপতি নিকোলাছ ছাৰ্কোজি আৰু ২০১৬ চনত ৰাষ্ট্ৰপতি ফ্ৰান্সোৱা অ’লাণ্ডে ভাৰতৰ গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিছিল।
উল্লেখযোগ্য যে ৰাফেল চুক্তিৰ জৰিয়তে ভাৰত আৰু ফ্ৰান্সৰ মাজত এক সুদৃঢ় সম্পৰ্ক গঢ় লৈ উঠিছে।ভাৰত চৰকাৰে এই পৰ্যন্ত ৩৬ খন ৰাফেল ক্ৰয় কৰিছে ফ্ৰান্সৰ পৰা।