মুম্বাইত আতংক! ভাৰতীয় ৰিজাৰ্ভ বেংক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ আহিছে বোমা বিস্ফোৰণৰ ভাবুকি। ২৬ ডিচেম্বৰ অৰ্থাত মঙলবাৰে আৰ বি আইৰ মুম্বাই শাখাৰ ইমেইল আই ডিলৈ ভাবুকিপূৰ্ণ মেইল প্ৰেৰণ কৰে দুষ্কৃতিকাৰীয়ে।
ইমেইল প্ৰেৰকজনে নিজকে ‘খিলাফত ইণ্ডিয়া’ৰ বুলি দাবী কৰিছে। মুম্বাইৰ মুঠ ১১টা স্থান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে।
ৰিজাৰ্ভ বেংকৰ উপৰি এইচ ডি এফ চি আৰু আই চি আই চি আই বেংকতো বোমা স্থাপনৰ ভাবুকি প্ৰদান কৰিছে মেইল প্ৰেৰণকাৰীয়ে।
ইমেইলৰ জৰিয়তে, ৰিজাৰ্ভ বেংকৰ লগতে আন বহু ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানত দুৰ্নীতি অনিয়ংৰ অভিযোগ তুলি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাস আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পদত্যাগ দাবী কৰা হৈছে।
ভাবুকি ভৰা ইমেইল লাভ কৰাৰ পিছতে MRA মাৰ্গ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি দুষ্কৃতিকাৰীৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীয়ে ১১টা স্থানত উপস্থিত হৈ তন্ন তন্নকৈ তালাচী চলাই যদিও সেই স্থান সমূহৰ পৰা কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা নাই।