ISHAN NEWS – Always One Step Ahead of Time…

টিউচনৰ পৰা উভতাৰ পথত ৰে’লৰ খুন্দাত মৃত্যু দশম শ্ৰেণীৰ দুই ছাত্ৰীৰ

0 258

মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰৰ পৰা আহিছে এক অত্যন্ত দুখজনক খবৰ। নতুন ৰে’লৱে ট্ৰেকৰ টেষ্টিঙৰ বাবে চলোৱা ৰে’লৰ খুন্দাত দুগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু ঘটে।

বৃহস্পতিবাৰে সন্ধিয়া দুয়োগৰাকী ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ উভতি আহি থকা অৱস্থাত এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়। 

এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সমগ্ৰ বিষটোৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে।

ৰে’লৰ খুন্দাত প্ৰাণ হেৰুওৱা ছাত্ৰী দুগৰাকীক ক্ৰমে বাবলী মছাৰে (১৭) আৰু ৰাধিকা ভাস্কৰ (১৭) বুলি চিনাক্ত কৰা হৈছে।

লাভ কৰা খবৰ অনুসৰি, ইন্দোৰৰ কেলোদ হালা অঞ্চলত চলি আছিল নতুন ৰে’লৱে ট্ৰেকৰ টেষ্টিং। সেই সময়ত টিউচনৰ পৰা উভতি অহা ছাত্ৰী দুগৰাকীয়ে ৰে’লৱে ট্ৰেক পাৰ হ’ব লওতেই ৰে’লখনে খুন্দা মাৰে। ঘটনাত দুয়োগৰাকী ছাত্ৰীৰে মৃত্যু হয়।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ৰাজ্যখনৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক তুলসীৰাম ছিলাৱটে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক অৱগত কৰে। আৰু লগে লগে ৰে’ল মন্ত্ৰীয়ে সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে।  

Leave A Reply

Your email address will not be published.