ISHAN NEWS – Always One Step Ahead of Time…

দেশবাসীক ডাঙৰ সকাহ দিবলৈ সাজু মোদী চৰকাৰ; শীঘ্ৰে হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য! 

0 219

লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশবাসীক ডাঙৰ সকাহ দিবলৈ আগবাঢ়িছে মোদী নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি অতি শীঘ্ৰে হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য। কেন্দ্ৰই প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত ৬-১০ টকা মূল্য হ্ৰাস কৰাৰ চিন্তা চৰ্চা কৰিছে।

পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰিবলৈ কেন্দ্ৰ চৰকাৰে বিভিন্ন তেল কোম্পানী সমূহৰ লগত আলোচনা কৰি আছে।

অৱশ্যে চৰকাৰে এই ক্ষেত্ৰত জনসাধাৰণক কেতিয়া সকাহ দিব সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই। কিন্তু নৱবৰ্ষৰ প্ৰাকক্ষণত দেশবাসীয়ে হয়তো পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, ২০২২ চনৰ ৬ এপ্ৰিলৰ পৰা পেট্ৰ’ল-ডিজেলৰ মূল্যৰ কোনো বিশেষ পৰিৱৰ্তন হোৱা নাই। বিগত বৰ্ষৰ মে’ মাহত প্ৰতিলিটাৰ পেট্ৰ’লত ৮ টকা আৰু ডিজেলত ৬ টকা হ্ৰাস পাইছিল।

বৰ্তমান পেট্ৰ’ল-ডিজেলত ইণ্ডিয়ান অইল, ভাৰত পেট্ৰ’লিয়াম, হিন্দুস্তান পেট্ৰ’লিয়ামৰ লাভ অধিক হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ইয়াৰ মূল্য হ্ৰাস কৰাৰ চিন্তা চৰ্চা কৰিছে। সম্প্ৰতি গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে ৯৮.০৮ টকা আৰু ৯০.৩৩ টকা।
২০২২ চনৰ ৬ এপ্ৰিলৰ পৰা পেট্ৰ’ল-ডিজেলৰ মূল্যৰ কোনো বিশেষ পৰিৱৰ্তন হোৱা নাই। বিগত বৰ্ষৰ মে’ মাহত প্ৰতিলিটাৰ পেট্ৰ’লত ৮ টকা আৰু

Leave A Reply

Your email address will not be published.