অটোগ্ৰাফ লোৱাৰ চলেৰে বিৰোধী নেতাক আক্ৰমণ।
অটোগ্ৰাফ লোৱাৰ চলেৰে বিৰোধী নেতাক আক্ৰমণ। দক্ষিণ কোৰিয়াৰ বুচান চহৰত বিৰোধী নেতা লী জে-মিয়ুঙৰ ডিঙিত ছুৰিকাঘাত। ডেম’ক্ৰেটিক পাৰ্টিৰ মুৰব্বী লী জে-মিয়ুঙে বিমানবন্দৰৰ নিৰ্মাণ ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰে। সংবাদমেলৰ সময়ত বাওঁফালৰ পৰা আহি তেওঁৰ ডিঙিত চুৰিৰে আক্ৰমণ কৰে দুৰ্বৃত্তই। ইয়াৰ পাছত লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আক্ৰমণকাৰীক। তথ্য অনুসৰি অটোগ্ৰাফ লোৱাৰ চলেৰে বিৰোধী নেতাজনৰ কাষ চাপিছিল দুৰ্বৃত্ত। ইয়াৰ পাছতেই চেগ বুজি চলাইছিল আক্ৰমণ।