ISHAN NEWS – Always One Step Ahead of Time…

শিল্পী অৰুণ যোগীৰাজৰ ‘ৰামলালা’ৰ মূৰ্তি ৰাম মন্দিৰত প্ৰতিষ্ঠাৰ বাবে চূড়ান্ত

0 131

কৰ্ণাটকৰ প্ৰখ্যাত ৩৭ বছৰীয়া ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা ৫১ ইঞ্চিৰ ‘ৰামলালা’ৰ মূৰ্তি অযোধ্যাত নিৰ্মান কৰা ৰাম মন্দিৰত প্ৰতিষ্ঠা কৰা হ’ব।অৰুণ যোগীৰাজে নিৰ্মাণ কৰা ‘ৰামলালা’ৰ মূৰ্তিটো অহা ২২ জানুৱাৰীত ৰাম মন্দিৰত প্ৰতিষ্ঠাৰ বাবে চূড়ান্ত কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰল্হাদ যোশী আৰু শোভা কৰণ্ডলাজে ছ’চিয়েল মিডিয়া চাইট এক্সত এই কথা সদৰী কৰিছে।

অৰুণ যোগীৰাজ কোন?

কৰ্ণাটকৰ বিখ্যাত ভাস্কৰ্য শিল্পী যোগীৰাজৰ পুত্ৰ অৰুণ যোগীৰাজ মহীশূৰৰ ৰাজপৰিয়ালে পৃষ্ঠপোষকতা কৰা শিল্পী পৰিয়ালৰ সন্তান । অৰুণৰ পিতৃয়ে গায়ত্ৰী আৰু ভুৱনেশ্বৰী মন্দিৰতো বিভিন্ন ভাস্কৰ্য শিল্পৰ কাম কৰিছিল। মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা এম বি এ অধ্যয়ন কৰা অৰুণ যোগীৰাজ পঞ্চম প্ৰজন্মৰ ভাস্কৰ্য শিল্পী। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অৰুণৰ প্ৰতিভাৰ শলাগ লৈছে।

অৰুণ যোগীৰাজৰ পিতৃ যোগীৰাজ এগৰাকী সুদক্ষ ভাস্কৰ্য শিল্পী । মহীশূৰৰ ৰজাই পৃষ্ঠপোষকতা কৰিছিল ভাস্কৰ্য শিল্পী যোগীৰাজৰ বংশ পৰিয়ালক । একে প্ৰজন্মৰ অৰুণ যোগীৰাজো সৰুৰে পৰা বিভিন্ন শিল্প কৰ্মৰ লগত জড়িত হৈ পৰিছিল। এম বি এ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত অৰুণ যোগীৰাজে এটা ব্যক্তিগত কোম্পানীটো কাম কৰিছিল । ২০০৮ চনত অৰুণ যোগীৰাজে চাকৰি এৰি ভাস্কৰ্য শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰে ।

ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজৰ দক্ষতা

নিজৰ দক্ষতাৰ বাবে কৃতিত্ব অৰ্জন কৰিছে অৰুণ যোগীৰাজে । উল্লেখযোগ্য যে, ইণ্ডিয়া গেটত স্থাপন কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ ৩০ ফুট উচ্চতাৰ মূৰ্তিটোৰ আৰৰ ব্যক্তিগৰাকী হৈছে অৰুণ যোগীৰাজ । ইতিমধ্যে অৰুণ যোগীৰাজৰ কৰ্মক দেশৰ বিভিন্ন ব্যক্তি আৰু সংগঠনে প্ৰশংসাৰে ওপচাই পেলোৱাৰ লগতে সম্বৰ্ধনা জনাইছে। মহীশূৰৰ ৰাজ পৰিয়ালেও অৰুণ যোগীৰাজৰ  অৱদানক বিশেষভাবে শ্ৰদ্ধা জনাইছে।

ৰাম মন্দিৰৰ বাবে চূড়ান্ত ৰামলালাৰ প্ৰতিমূৰ্তি

সংবাদ সংস্থাৰ বাতৰি মতে,  তিনিটা শিলৰ পৰা তিনিজন ভাস্কৰ্য শিল্পী ক্ৰমে গণেশ ভট্ট, অৰুণ যোগীৰাজ আৰু সত্যনাৰায়ণ পাণ্ডেই নিৰ্মাণ কৰিছিল অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে তিনিটা ‘ৰামলালা’ৰ মূৰ্তি। ইয়াৰ ভিতৰত সত্যনাৰায়ণ পাণ্ডে নিৰ্মান কৰা ‘ৰামলালা’ৰ মূৰ্তিটো আছিল বগা মাৰ্বলৰ আৰু  বাকী দুটা মূৰ্তি কৰ্ণাটকৰ নীলা শিলৰ। এই তিনিটা মূৰ্তিৰ মাজৰ পৰা অৰুণ যোগীৰাজে নিৰ্মান কৰা ‘ৰামলালা’ৰ মূৰ্তিটো বাছনি কৰা হয়।উল্লেখযোগ্য যে, অৰুণ যোগীৰাজে যোৱা ৬ মাহ ধৰি দিনটোত ১২ ঘন্টাকৈ ব্যয় কৰি ৰামলালাৰ মূৰ্তিটো নিৰ্মান কৰি উলিয়াইছিল।

জানিব পৰামতে, অহা ২২ জানুৱাৰীত বাৰাণসীৰ পুৰোহিত লক্ষ্মী কান্ত দীক্ষিতে ৰাম লালাৰ অভিষেক অনুষ্ঠানৰ মূল অনুষ্ঠান সম্পন্ন কৰিব।

Leave A Reply

Your email address will not be published.