অথলে গল প্ৰতিবাদ! লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হব CAA ! আইন প্ৰণয়ণৰ ৪ বছৰৰ অন্তত CAA কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই। এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ইতিমধ্যে CAA সম্পৰ্কীয় নিয়ম প্ৰণয়ন কৰা হৈছে। বাতৰি অনুসৰি, নাম প্ৰকাশত অনিচ্ছুক এগৰাকী চৰকাৰী জ্যেষ্ঠ বিষয়াই জনাইছে যে CAAৰ অধীনত নাগৰিকত্বৰ বাবে অনলাইনযোগে আৱেদন কৰিব পাৰিব। আমোলাগৰাকীয়ে লগতে জনায় যে ইতিমধ্যে অনলাইন পৰ্টেলও প্ৰস্তুত কৰা হৈছে। তাত আবেদনকাৰীয়ে নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰা বছৰটোহে উল্লেখ কৰিব লাগিব। তেওঁলোকৰ পৰা কোনো নথি-পত্ৰ বিচৰা নহ’ব।আনহাতে, ঘৰত বহিয়েই কোনো নথি পত্ৰ জমা নিদিয়াকৈ মোবাইলতে CAA ৰ বাবে আবেদন কৰিব পাৰিলেও সেই ব্যক্তিৰ দাবীৰ বিষয়টো সংশ্লিষ্ট জিলা প্ৰশাসনে চোৱাচিতা কৰিব। এনে ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জিলা প্ৰশাসনৰ সৈতে যোগাযোগ ৰাখিব।