ISHAN NEWS – Always One Step Ahead of Time…

শান্তিৰ নোবেল বঁটা বিজয়ীক কাৰাদণ্ডৰ শাস্তি প্ৰদান আদালতৰ

0 155

সোমবাৰে (১ জানুৱাৰি) ঢাকাৰ এখন শ্ৰম আদালতে শান্তিৰ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছক বাংলাদেশৰ শ্ৰম আইন উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰে। ইয়াৰ পিছত আদালতে তেওঁক ৬ মাহৰ সাধাৰণ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ লগতে ২৬০ ডলাৰৰ জৰিমনাও বিহে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইউনুছ আৰু ‘গ্ৰামীন টেলিকম’ৰ আন তিনিজন সঞ্চালকে কোম্পানীটোৰ শ্ৰমিকসকলৰ বাবে কল্যাণমূলক পুঁজি সৃষ্টি কৰাত ব্যৰ্থ হৈ শ্ৰম আইন উলংঘা কৰিছিল।

৮৩ বছৰীয়া অৰ্থনীতিবিদগৰাকী বাংলাদেশৰ দৰিদ্ৰ লোকসকলক মাইক্ৰ’ফাইনেন্সিঙৰ অগ্ৰণী ভূমিকা গ্ৰহণৰ বাবে পৰিচিত। শ্ৰম আদালতৰ ন্যায়াধীশ শ্বেখ মেৰিনা চুলতানাই কয় যে কোম্পানীটোত ৬৭ জন গ্ৰামীণ টেলিকমৰ কৰ্মচাৰীক স্থায়ী কৰি তুলিব লাগিছিল যিটো নহ’ল। কোম্পানীটোৰ উল্লেখিত নীতি অনুসৰি লভ্যাংশৰ ৫% কৰ্মচাৰীৰ সৈতে ভাগ কৰা হ’ব, যিটো সম্পন্ন কৰিব পৰা নগ’ল।

ইউনুছ আৰু তেওঁৰ সহযোগীসকলক ৬ মাহৰ সাধাৰণ কাৰাদণ্ড বিহা হয়। অৱশ্যে আদালতৰ পৰা তাৎক্ষণিকভাৱে জামিন লাভ কৰিবলৈ সক্ষম হয় শান্তিৰ নোবেল বঁটা বিজয়ী ইউনুছ।

উল্লেখযোগ্য যে বৰ্তমান বাংলাদেশত দুৰ্নীতি আৰু শ্ৰম আইন উলংঘাৰ আন ১০০টা অভিযোগৰ সন্মুখীন হৈছে নোবেল বঁটা বিজয়ীগৰাকী। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মহম্মদ ইউনুছে কয়, “আমি নকৰা অপৰাধৰ বাবে আমাক শাস্তি দিয়া হৈছে।”

তেওঁ কয়, ‘এইটোৱেই আছিল মোৰ ভাগ্য, দেশৰ ভাগ্য। আমি এই সিদ্ধান্ত মানি লৈছো, কিন্তু আমি এই সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিম আৰু এই শাস্তিৰ বিৰুদ্ধে যুঁজি যাম।’

উল্লেখ্য যে ২০০৬ চনৰ নোবেল বঁটা বিজয়ীগৰাকীয়ে দৰিদ্ৰ লোকক সৰু সৰু ঋণ প্ৰদানৰ বাবে ১৯৮৩ চনত প্ৰতিষ্ঠা কৰিছিল গ্ৰামীণ বেংক।

দুৰ্নীতি আৰু পুঁজি আত্মসাৎৰ অভিযোগক লৈ ইউনুছৰ বিৰুদ্ধে এক দশকৰো অধিক সময় ধৰি তদন্ত চলি আছে। ইয়াৰ পূৰ্বে বাংলাদেশ চৰকাৰৰ অৱসৰৰ নিয়ম উলংঘা কৰাৰ বাবে তেওঁক নিজৰ বেংকৰ পৰিচালন সঞ্চালকৰ পদৰ পৰা অপসাৰণ কৰা হৈছিল। একে সময়তে ২০১৩ চনতো চৰকাৰী অনুমতি অবিহনে ধন লাভ কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল।

Leave A Reply

Your email address will not be published.