জলদুস্যৰ কৱলত ভাৰতীয় নাগৰিকসহ জাহাজ! আৰৱ সাগৰৰ বুকুত ভয়ংকৰ ঘটনা
সাগৰৰ বুকুত জলদুস্যই হাইজেক কৰিলে ভাৰতীয় নাগৰিক থকা এখন জাহাজ। আৰৱ সাগৰৰ বুকুত ভয়ংকৰ ঘটনা। ছোমালিয়াৰ ওচৰৰ আৰৱ সাগৰত এম ভি লীলা নৰফোক নামৰ জাহাজখন হাইজেক কৰিলে জলদুস্যই। এই জাহাজখনত প্ৰায় ১৫ জন ভাৰতীয় ক্ৰু সদস্য আছে। জলদস্যুৰ কৱলৰ পৰা জাহাজখন উদ্ধাৰ কৰিবলৈ ইতিমধ্যে ভাৰতীয় নৌসেনাই অভিযান আৰম্ভ কৰিছে।
উল্লেখ্য জাহাজখনে যোৱা ৪ জানুৱাৰীৰ সন্ধিয়া ৬ অচিনাক্ত অস্ত্ৰধাৰী দলে প্ৰৱেশ কৰাৰ বাৰ্তা প্ৰেৰণ কৰিছিল। নৌসেনাই জনাইছে ভাৰতীয় যুদ্ধজাহাজ আইএনএছ চেন্নাই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ঘটনাস্থলীলৈ অগ্ৰসৰ হৈছে।অঞ্চলটোৰ কেইবাটাও সংস্থাই এমএনএফৰ সহায়ত পৰিস্থিতিনিৰীক্ষণ কৰি আছে।