বাবৰি মছজিদ-ৰাম জনমভূমি গোচৰৰ অন্যতম প্ৰতিনিধি ইকবাল আনছাৰীক অযোধ্যাৰ ৰাম মন্দিৰৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে ।‘শ্ৰীৰাম জনমভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে মুছলমান পক্ষৰ অন্যতম মূল বিবাদী ইকবাল আনছাৰীক ২২ জানুৱাৰীত হবলগীয়া অযোধ্যাৰ ৰাম মন্দিৰৰ মুকলি অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাইছে।
অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ দায়িত্বত থকা ‘শ্ৰীৰাম জনমভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে শুকুৰবাৰে ইকবালক আনছাৰীক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অযোধ্যাৰ ৰামপাথৰ সমীপৰ কোটিয়া পাঞ্জিতোলা অঞ্চলৰ বাসিন্দা ইকবালে শনিবাৰে নিমন্ত্ৰণী পত্ৰ লাভ কৰাৰ কথা অৱগত কৰে ।ট্ৰাষ্টৰ হৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কেইবাগৰাকীও কৰ্মী ইকবালৰ ঘৰলৈ গৈ নিমন্ত্ৰণী পত্ৰ প্ৰদান কৰে।
যোৱা শনিবাৰে অযোধ্যাত ইকবালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি জনাইছিল। সেইদিনা ইকবালে নিমন্ত্ৰণ লাভ কৰিলে ২২ জানুৱাৰীৰ ৰাম মন্দিৰৰ মুকলি অনুষ্ঠানত উপস্থিত থাকিব বুলি উল্লেখ কৰিছিল ।উল্লেখযোগ্য যে, ২০২০ চনৰ আগষ্ট মাহত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন অনুষ্ঠানলৈও ইকবালক নিমন্ত্ৰণ জনোৱা হৈছিল।